মেহুল চোকছীয়ে অকল PNBকে নহয় ঠগাইছিল প্ৰেমিকাকো, উপহাৰ দিছিল নকল হীৰাৰ আঙঠি

News18 Assam | News18-Assam
Updated:June 9, 2021, 12:04 AM IST
মেহুল চোকছীয়ে অকল PNBকে নহয় ঠগাইছিল প্ৰেমিকাকো, উপহাৰ দিছিল নকল হীৰাৰ আঙঠি
বাৰবাৰাই চোকছীৰ নাম নিউ ৰাজ বুলি মোবাইলত ছেভ কৰিছিল আৰু সেয়া তেওঁ ৰাজহুৱাকৈ দেখুৱায়ো।

বাৰবাৰাই চোকছীৰ নাম নিউ ৰাজ বুলি মোবাইলত ছেভ কৰিছিল আৰু সেয়া তেওঁ ৰাজহুৱাকৈ দেখুৱায়ো।

  • Share this:

দেশত চাঞ্চল্য সৃষ্টি কৰা এটা কেলেংকাৰি আছিল পাঞ্জাব নেচনেল বেংকক কৰা প্ৰৱঞ্চনা। পিএনবি কেলেংকাৰিৰ মূল অভিযুক্ত মেহুল চোকছীক সম্প্ৰতি ডমিনিকাত গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু চোকছীক লৈ শেহতীয়াকৈ তেওঁৰ ৰূপৱতী প্ৰেমিকা বাৰবাৰা জাৰাবিকাই কৈছে কেইটামান কথা, যি আছিল আমোদজনক তথা আশ্চৰ্যজনক।


WION নিউজ চেনেলত চোকছীৰ এবছৰীয়া প্ৰেমিকা বাৰবাৰাই ব্যক্ত কৰা কথাবোৰে প্ৰমাণ কৰে চোকছীয়ে অকল পাঞ্জাৱ নেচনেল বেংককে নহয় প্ৰাণৰ প্ৰেমিকাকো নকল উপহাৰ প্ৰদান কৰি কৰিছিল প্ৰৱঞ্চনা। বাৰবাৰাই জনোৱা মতে, চোকছীয়ে ৰাজ নাম লৈ হোৱাটছ এপেৰে তেওঁৰ সৈতে বন্ধুত্ব কৰিছিল আৰু শেষলৈ তেওঁক আকৰ্ষিত কৰাৰ চেষ্টাত ব্ৰতী হৈছিল। সেই সময়তে বাৰবাৰক চোকছীয়ে দিছিল এডাল ব্ৰেছলেট আৰু হীৰাৰ আঙঠি। কিন্তু দুৰ্ভাগ্যজনকভাৱে বাৰবাৰাই উপহাৰ লাভৰ পিছত দেখে সেয়া আছিল নকল হীৰাৰ সামগ্ৰী।


বাৰবাৰাই চোকছীৰ নাম নিউ ৰাজ বুলি মোবাইলত ছেভ কৰিছিল আৰু সেয়া তেওঁ ৰাজহুৱাকৈ দেখুৱায়ো। উল্লেখ্য, বাৰবাৰাই তেওঁৰ গ্ৰেপ্তাৰত নিজৰ কোনো ভূমিকা নাই বুলি প্ৰকাশ কৰাৰ লগতে চোকছীৰ অতীত জীৱন সম্পৰ্কে অজ্ঞ বুলি জানিবলৈ দিয়ে।

Published by: Gautam Barman
First published: June 9, 2021, 12:04 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি