মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»PNB Case- মেহুল চোকছীক বচাবলৈ ডমিনিকাত উপস্থিত ভাতৃ! ডমিনিকাৰ বিৰোধী নেতা লেনোক্স লিণ্টনক সাক্ষাৎ!

PNB Case- মেহুল চোকছীক বচাবলৈ ডমিনিকাত উপস্থিত ভাতৃ! ডমিনিকাৰ বিৰোধী নেতা লেনোক্স লিণ্টনক সাক্ষাৎ!

News18 Assam | News18-Assam
Updated:June 2, 2021, 1:54 PM IST
PNB Case- মেহুল চোকছীক বচাবলৈ ডমিনিকাত উপস্থিত ভাতৃ! ডমিনিকাৰ বিৰোধী নেতা লেনোক্স লিণ্টনক সাক্ষাৎ!
বিশেষ সূত্ৰই এছ'চিয়েটছ টাইমছক জনোৱা অনুসৰি, চেতন চিনু ভাই চোকছীয়ে ৩০ মে'ৰ সন্ধিয়া মাৰিগটত ডমিনিকাৰ বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰে।

বিশেষ সূত্ৰই এছ'চিয়েটছ টাইমছক জনোৱা অনুসৰি, চেতন চিনু ভাই চোকছীয়ে ৩০ মে'ৰ সন্ধিয়া মাৰিগটত ডমিনিকাৰ বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰে।

  • Share this:
পঞ্জাব নেচনেল বেংকৰ কোটিটকীয়া গোচৰত অভিযুক্ত তথা পলাতক হীৰা ব্যৱসায়ী মেহুল চোকছীক বচাবলৈ ডমিনিকাত উপস্থিত হৈছে ভাতৃ। ডমিনিকান চৰকাৰে গ্ৰেপ্তাৰ কৰা মেহুলক দেশখনৰ জিম্মাৰ পৰা মুকলি কৰিবলৈ এখন ব্যক্তিগত বিমানেৰে ২৯ মে'ত ডমিনিকাত অৱতৰণ কৰে ভাতৃ চেতন চিনু ভাই চোকছীয়ে।

বিশেষ সূত্ৰই এছ'চিয়েটছ টাইমছক জনোৱা অনুসৰি, চেতন চিনু ভাই চোকছীয়ে ৩০ মে'ৰ সন্ধিয়া মাৰিগটত ডমিনিকাৰ বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰে। ২ ঘণ্টা ধৰি লেনোক্স লিণ্টনৰ ঘৰত বৈঠকত মিলিত হয় দুয়ো। য'ত তেওঁলোকে মেহুল চোকছীৰ গ্ৰেপ্তাৰ সম্পৰ্কীয় কেইবাটাও দিশ আলোচনা কৰে আৰু বিষয়টো সংসদত হেঁচা দিবলৈ মেহুলৰ ভাতৃয়ে বিৰোধী নেতাজনক ধন আৰু নিৰ্বাচনী অনুদানৰ প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়ে বুলি জানিব পৰা গৈছে।

জানিব পৰা গৈছে যে চোকছীৰ সম্পৰ্কীয় ভাতৃয়ে বিৰোধী নেতাগৰাকীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত মেহুলে নিজেই ডমিনিকাত উপস্থিত হৈছিল বুলি প্ৰকাশ কৰিছে, কিন্তু তেওঁলোকক এই বিষয়টো আদালতত মোকাবিলা কৰিবলৈ আৰু ডমিনিকা চৰকাৰৰ বিৰুদ্ধে যাবলৈ বিৰোধীৰ সহায়ৰ প্ৰয়োজন যাতে তেওঁক এণ্টিগুৱা আৰু ভাৰতীয় আৰক্ষীয়ে অপহৰণ কৰিছিল বুলি বিশ্বাস কৰাব পাৰি।

ইয়াৰ বাবে চেতন চোকছীয়ে আনকি লেনোক্স লিণ্টনক ২,০০,০০০ ডলাৰৰ ধন দিছিল আৰু আগন্তুক সাধাৰণ নিৰ্বাচনত তেওঁক এক মিলিয়ন ডলাৰৰ অধিক আৰ্থিক সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলিও জানিব পৰা গৈছিল। চিনু ভাইয়ে এলঅ'পিক বিষয়টো সংসদত উত্থাপন কৰিবলৈ আৰু মেহুল চোকছীৰ পক্ষত বিবৃতি জাৰি কৰিবলৈ কৈছিল।

আনফালে বিৰোধী নেতা লেনোক্স লিণ্টনে মেহুলৰ ভাতৃৰ সৈতে হোৱা সাক্ষাতক নস্যাৎ কৰিছে। তেওঁ কয় যে, 'এই মুহূৰ্তত মাৰিগটত মোৰ কোনো বাসভৱন নাই, ২০১৭ৰ ধুমুহাত সেই বাসগৃহ ধ্বংস হৈছিল। আনকি সেয়া পুনৰ নিৰ্মাণ কৰিবলৈও মই অক্ষম।'

বিৰোধী দলৰ নেতা লেনোক্স লিণ্টনে কৈছিল, "মই ২৯ মে'ত মাৰিগটত এখন ৰাজহুৱা সভালৈ গৈছিলো, য'ত মই চোকছীৰ বিষয়টো উল্লেখ কৰিছিলো। তাৰ পিছত মই ৩০ মে'ত মাৰিগটত যোৱা নাই আৰু সেয়েহে তাত কাকো লগ পোৱা নাই। মই কেতিয়াও প্রত্যক্ষ বা পৰোক্ষভাৱে ধন লাভ কৰা নাই।"
Published by: Sanjay Kumar Das
First published: June 2, 2021, 1:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি