কাশ্মীৰ বিবাদক লৈ কেতিয়াও ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনা কৰা নাই মোদীয়ে – জনালে বিদেশ মন্ত্ৰণালয়ে

News18-Assam
Updated:July 23, 2019, 7:36 AM IST
কাশ্মীৰ বিবাদক লৈ কেতিয়াও ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনা কৰা নাই মোদীয়ে – জনালে বিদেশ মন্ত্ৰণালয়ে
বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে টুইটাৰযোগে কয় – ভাৰতে পাকিস্তানৰ সৈতে সকলো বিষয় কেৱল দ্বিপক্ষীয়ভাৱে আলোচনা কৰিব।

বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে টুইটাৰযোগে কয় – ভাৰতে পাকিস্তানৰ সৈতে সকলো বিষয় কেৱল দ্বিপক্ষীয়ভাৱে আলোচনা কৰিব।

  • Share this:
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে। ড’নাল্ড ট্ৰাম্পে কৈছিল যে কাশ্মীৰ বিবাদৰ ক্ষেত্ৰত দুয়োখন দেশে অনুৰোধ কৰিলে মধ্যস্থতা কৰিবলৈ তেওঁ সাজু আছে। ট্ৰাম্পৰ এই মন্তব্যৰ উত্তৰত ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে কয় যে ভাৰতে তৃতীয় পক্ষৰ মধ্যস্থতা বিচৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও ট্ৰাম্পক মধ্যস্থতাৰ কথা কোৱা নাই।

বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে টুইটাৰযোগে কয় – ‘কাশ্মীৰ বিবাদক লৈ ভাৰত আৰু পাকিস্তানে অনুৰোধ কৰিলে মধ্যস্থতা কৰিবলৈ সাজু আছে বুলি আমি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা মন্তব্য প্ৰত্যক্ষ কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিক এনেকুৱা কোনো অনুৰোধ কৰা নাই। ভাৰতে পাকিস্তানৰ সৈতে সকলো বিষয় কেৱল দ্বিপক্ষীয়ভাৱে আলোচনা কৰিব।



ৰবিশ কুমাৰে কয় যে পাকিস্তানৰ সৈতে আলোচনাৰ বাবে সীমা পাৰ হৈ সন্ত্ৰাসবাদক শেষ কৰাৰ প্ৰয়োজন হ’ব। শিমলা চুক্তি আৰু লাহোৰ ঘোষণা পত্ৰই ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপক্ষীয়ভাৱে সকলো বিষয় সমাধান কৰাৰ পোষকতা কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি