
আমেৰিকাৰ ফুড ৰেগুলেটৰ USFDAৰ তদন্তত MDHৰ মছলাত ‘চালমনেলা’ নামৰ বেক্টেৰিয়াবিধ পোৱাৰ কথা কোৱা হৈছে।
আমেৰিকাৰ ফুড ৰেগুলেটৰ USFDAৰ তদন্তত MDHৰ মছলাত ‘চালমনেলা’ নামৰ বেক্টেৰিয়াবিধ পোৱাৰ কথা কোৱা হৈছে।
- News18
- Last Updated :
MDHৰ চম্ভৰ মছলাক লৈ এক ভয়াৱহ তথ্য পোহৰলৈ আহিছে। এই মছলাৰ পৰীক্ষাৰ প্ৰতিবেদনত হানিকাৰক বেক্টেৰিয়া থকাৰ কথা জানিব পৰা হৈছে। দৰাচলতে শেহতীয়াকৈ আমেৰিকাৰ ফুড ৰেগুলেটৰে এমডিএইচ কোম্পানীৰ চম্ভৰ মছলাত ‘চালমনেলা’ নামৰ বেক্টেৰিয়া বিধৰ উপস্থিতি ধৰা পেলাইছে। ইউএছ ড্ৰাগ অথ’ৰিটী (USFDA)–এ নিজৰ আনুষ্ঠানিক বিবৃতিত কৈছে যে MDHৰ এই প্ৰডাক্টক চাৰ্টিফাইড লেবত পৰীক্ষা কৰা হৈছে। এই পৰীক্ষাত মছলাবিধত ‘চালমনেলা’ নামৰ বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰে। তেওঁ লগতে কয় যে বজাৰত এনে কিছু প্ৰডাক্টৰ বিক্ৰী হৈ আছে য’ত এই বেক্টেৰিয়াবিধৰ উপস্থিতি অতি বিপজ্জনক। এই বেক্টেৰিয়াৰ ফলত ৰোগাক্ৰান্ত ব্যক্তিয়ে প্ৰথমে ডায়েৰিয়া, পেট কামোৰণি সহ ১২ৰ পৰা ৭২ঘণ্টাৰ ভিতৰত তীব্ৰ জ্বৰত আক্ৰান্ত হ’ব পাৰে। উল্লেখযোগ্য যে ইয়াৰ আগতেও আমেৰিকাত এমডিএইচ মছলাৰ ওপৰত প্ৰশ্ন তোলা হৈছে। এতিয়ালৈকে জানিব পৰা হোৱা নাই যে ভাৰততো কোম্পানীটোৱে বিক্ৰী কৰা এমডিএইচ প্ৰডাক্টত ‘চালমনেলা’ৰ উপস্থিতি আছে নে কি? আমেৰিকাৰ বজাৰত খুচুৰা বিক্ৰেতাসকলে এই মছলাৰ তাৎক্ষণিকভাৱে বিক্ৰী বন্ধ কৰিবলগীয়া হৈছে।
![]()
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|