உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Dhaniya Ice-cream: বজাৰত এইবাৰ ভাইৰেল ধনিয়া আচক্ৰীম, McDonald’sএ পৰিবেশন কৰিছে নতুন আইচক্ৰীম

    Dhaniya Ice-cream: বজাৰত এইবাৰ ভাইৰেল ধনিয়া আচক্ৰীম, McDonald’sএ পৰিবেশন কৰিছে নতুন আইচক্ৰীম

    ধনিয়া আইচক্ৰীম

    ধনিয়া আইচক্ৰীম

    McDonald’sএ এই বিশেষ আইচক্ৰীম অতি সীমিত পৰিমাণতহে পৰিবেশন কৰিছে আৰু ২৫ ফেব্ৰুৱাৰীলৈহে এই আইচক্ৰীম বিক্ৰী কৰিব।

    • Share this:
    Weird Coriander Ice Cream : আজিকালি এটা নতুন ট্ৰেণ্ড হৈছে চলি থকা খাদ্যৰ সৈতে অদভূত ফিউজনৰ। এইবাৰ এই কামত হাত উজান দিছে বিশ্বৰে প্ৰতিষ্ঠিত খাদ্য নিৰ্মাতা মেকডোনাল্ডে (McDonald’s) । মেকডোনাল্ডে গ্ৰাহকক দিছে ধনিয়া আইচক্ৰীম (Cilantro Ice Cream)। আইচক্ৰীম (Ice Cream)ৰ ওপৰত ধনিয়াৰে গাৰ্ণিছ কৰি পৰিবেশন কৰিছে গ্ৰাহকক। দেখি চকু কপাালত উঠিছে গ্ৰাহকৰ।

    ভাৰতত ধনিয়াৰ প্ৰচলন বহুল পৰিমাণত হয়। আঞ্জাৰ পৰা ফাষ্টফুড বা ছালাডলৈকে সকলোতে ধনিয়া গাৰ্ণিছ কৰা হয়। ইমানেই নহয় ধনিয়াৰ চাটনিও ভাৰতীয়ৰ প্ৰিয়। কিন্তু ধনিয়া আইচক্ৰীমৰ কথা হয়তো কোনো ভাৰতীয়ই কেতিয়াও ভবা নাই আৰু খোৱাও নাই ছাগে। কিন্তু চুবুৰীয়া দেশ চীনত McDonald’sৰ এখন বিপণীত ধনিয়াৰ সৈতে আইচক্ৰীম পৰিবেশনৰ পিছতে ভাইৰেল হৈ পৰিছে। এই আইচক্ৰীমৰ নাম দিছে   Cilantro Sundae.



    McDonald’sএ এই বিশেষ আইচক্ৰীম অতি সীমিত পৰিমাণতহে পৰিবেশন কৰিছে আৰু ২৫ ফেব্ৰুৱাৰীলৈহে এই আইচক্ৰীম বিক্ৰী কৰিব। McDonald’sৰ ভেনিলা ছফ্ট আইচক্ৰীমৰ ওপৰত ধনিয়া মিহিকৈ কুটি কুটি ছটিয়াই দিয়া হৈছে এই নতুন ভাৰ্ছনত।
    Published by:Manjumoni Borah
    First published: