ঘোৰ অন্ধকাৰত ডুব গ’ল পাকিস্তান, কিয় এই বিপৰ্যয় ইমৰাণৰ দেশত?

খবৰ অনুসৰি নিশা ১১.৪১ বজাত যান্ত্ৰিক বিজুতিৰ বাবে ইছলামাবাদ, লাহোৰ, পেছোৱাৰ, ৰাৱালপিণ্ডিসহ সমগ্ৰ পাকিস্তানত সৃষ্টি হয় বিদ্যুৎ বিপৰ্যয়।
খবৰ অনুসৰি নিশা ১১.৪১ বজাত যান্ত্ৰিক বিজুতিৰ বাবে ইছলামাবাদ, লাহোৰ, পেছোৱাৰ, ৰাৱালপিণ্ডিসহ সমগ্ৰ পাকিস্তানত সৃষ্টি হয় বিদ্যুৎ বিপৰ্যয়।
- News18 Assam
- Last Updated: January 10, 2021, 1:25 PM IST
এই সমগ্ৰ বিষয়টোক লৈ পাকিস্তানৰ শক্তি মন্ত্ৰণালয়ৰ ফালৰ পৰা টুইট কৰা হয়। জনোৱা হয়, ট্ৰান্সমিচন ফ্ৰিকুৱেন্সী হঠাৎ ৫০ৰ পৰা ০ হৈ যোৱাৰ বাবেই এইদৰে দেশজুৰি ব্লেকআউট হৈ পৰে। মন্ত্ৰণালয়ৰ ফালৰ পৰা আৰু জনোৱা হয় যে যান্ত্ৰিক বিজুতিৰ বাবে সমগ্ৰ দেশত বিদ্যুৎ কৰ্তন হয়।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও পাকিস্তানত আৰু এবাৰ এইধৰণৰ বিদ্যুৎ বিপৰ্যয় ঘটিছিল। সেয়া আছিল ২০১৫ চনৰ জানুৱাৰী মাহত। সেই সময়তো যান্ত্ৰিক বিজুতিৰ বাবে দীৰ্ঘ সময় ধৰি বিদ্যুৎহীন হৈ আছিল পাকিস্তান।