শৰীৰত নাই কোনো পোছাক। কেৱল মুখতহে আছে মাস্ক! চাইকেল আৰোহীসকলক প্ৰয়োজন নাই কোনো চাৰ্ট, পেণ্ট অখথবা স্কাৰ্ট। আনকি অন্তৰ্বাসো পৰিধান কৰা নাই দলটোৱে। কিন্তু কোৰোণা পৰিস্থতিৰ বাবে নগ্ন হ'লেও মুখত আছে মাস্ক। মেক্সিকোৰ ঘটনা এয়া।
বাৰ্ষিক ফিলি নেকেড বাইক ৰাইডে জনাইছে যে, চলিত বছৰৰ আগষ্টৰ ২৮ তাৰিখে অনুষ্ঠিত হ'ব এই চাইকেল ৰাইড। কেৱল প্ৰয়োজন হ'ব মাস্কৰ। কোৰোণা ভাইৰাছৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। কোৰোণা ভেকচিনেশ্যন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত কিছু পৰিমাণে হ'লেও নিয়ন্ত্ৰণলৈ আহিছে কোৰোণা। প্ৰতিদিনে সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে। এই অনুষ্ঠানৰ আয়োজকে কোৱা মতে, কোৰোণা পৰিস্থিতিৰ বাবেই চাইকেল ৰাইডত মাস্ক পৰিধান কৰাটো আৱশ্যক।
যিসকলে এই চাইকেল ৰাইডিঙত অংশগ্ৰহণ কৰিব, সেইসকল এক নিৰ্দিষ্ট ঠাইত গোট খাব লাগিব। আৰু সেই ঠাইতে সকলোৱে খুলি পেলাব লাগিব পৰিধান কৰা কাপোৰ। প্ৰায় ১ হাজাৰ জন লোক গোট খাই এই চাইকেল ৰাইডত। আনকি নগ্ন হৈয়ে চাইকেল লাগিব সকলোৱে। শৰীৰৰ গুৰুত্ব, আৰোহীৰ নিৰাপত্তা প্ৰদানৰ দাবীত আয়োজন কৰা হয় চাইকেল ৰাইডৰ। প্ৰায় ১৬ কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰে চাইকেল আৰোহীসকলে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 06, 2021, 15:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।