পৰাজয়ৰ শোকত দগ্ধ মাৰ্টিন গাপ্তিল, পিটছতে আৰম্ভ কান্দোন, সংজ্ঞাহীন হোৱাৰ উপক্ৰম!

News18
Updated:July 15, 2019, 4:54 PM IST
পৰাজয়ৰ শোকত দগ্ধ মাৰ্টিন গাপ্তিল, পিটছতে আৰম্ভ কান্দোন, সংজ্ঞাহীন হোৱাৰ উপক্ৰম!
আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপৰ ফাইনেল মেচত ইংলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত বিজয়সূচক ৰাণ সংগ্ৰহ কৰিব নোৱাৰি বেয়াকৈ ভাগি পৰিল মাৰ্টিন গাপ্তিল।

আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপৰ ফাইনেল মেচত ইংলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত বিজয়সূচক ৰাণ সংগ্ৰহ কৰিব নোৱাৰি বেয়াকৈ ভাগি পৰিল মাৰ্টিন গাপ্তিল।

  • News18
  • Last Updated: July 15, 2019, 4:54 PM IST
  • Share this:
ক্ৰিকেট ৱৰ্ল্ড কাপ ২০১৯ৰ ফাইনেলত ইংলেণ্ডে খিতাপ জয় কৰাৰ পিছত নিউজীলেণ্ড দলৰ আটাইতকৈ শোকত ভাগি পৰা খেলুৱৈজনেই হৈছে মাৰ্টিন গাপ্তিল। বিশ্বকাপৰ দুটাকৈ  ক্ষণ হয়তো গাপ্তিলৰ মনৰ পৰা কেতিয়াও ওলাই নাযাব। বিড়ম্বনা এয়াই যে দুয়োটা পল গাপ্তিল আৰু কিৱি বাহিনীৰ বাবে ঘাতক আছিল। টুৰ্ণামেণ্ট গাপ্তিলৰ কাৰণে বেয়া সপোনেই আছিল। প্ৰথম খেলৰ পিছৰে পৰা তেওঁ ৰাণ সংগ্ৰহ কৰিব নোৱাৰিলে, ফিল্ডিঙত কিছু ভাল ফল দেখুৱালে আৰু তাৰ উদাহৰণ ছেমি ফাইনেলত ধোনীক ৰাণ আউট কৰাটো আছিল। গাপ্তিলৰ থ্ৰ’য়ে ধোনীক আউট কৰিছিল আৰু নিউজীলেণ্ডক ফাইনেলত প্ৰৱেশ কৰোৱাইছিল।

এইবাৰ টুৰ্ণামেণ্টত গাপ্তিলে মাত্ৰ ১৮৬ৰাণ সংগ্ৰহ কৰে।


ইংলেণ্ডৰ বিৰুদ্ধে খেলত প্ৰথমে গাপ্তিলে ডিপ মিডউইকেটৰ পৰা কৰা থ্ৰ’ বেন ষ্টকছৰ বেটত লাগি বাউণ্ডেৰীৰ বাহিৰলৈ গুচি যায়। ইয়াতে ইংলেণ্ডে ছয় ৰাণ লাভ কৰে আৰু কিৱি বাহিনীৰ হাতৰ পৰা খেল ওলাই যায়। যেতিয়া তেওঁ ছুপাৰ অভাৰত লক্ষ্য অনুসৰণ কৰি আছিল সেই সময়ত তেওঁ কেৱল এটাই বল খেলিবলৈ পায়। ইয়াত তেওঁ দুই ৰাণ কৰিব লাগিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁ ৰাণ আউট হয়। ইয়াৰ লগে লগে কিৱি দলতকৈ বেছি বাউণ্ডেৰী কোবোয়া ইংলেণ্ড বিশ্বকাপৰ বিজয়ী হয়।

অত্যন্ত দৰকাৰী ৰাণ সংগ্ৰহ কৰিব নোৱাৰি গাপ্তিল চৰম হতাশ হৈ পৰে আৰু ক্ৰীজতে বহি পৰে। তেওঁৰ দুচকুত সেই সময়ত চকুপানী বিৰিঙি উঠিছিল। আঁঠু কাঢ়ি যুদ্ধত পৰাজিত সৈনিকৰ দৰে বহি পৰিছিল গাপ্তিল। অন্তৰ ভাঙি গৈছিল, চকুৰে পানীৰে নেদেখা হৈ পৰিছিল।




সেই সময়ত গাপ্তিলক লগৰ জেমছ নিছমে উঠাবলৈ চেষ্টা কৰে কিন্তু তেওঁ বহাতে বহি ৰয়। তেওঁৰ দুভৰি যেন লাগি ধৰিছিল। ধাৰাসাৰ চকুপানী দেখি এনে লাগিছিল যেন তেওঁ এতিয়া সংজ্ঞাহীন হৈ পৰিব! শান্তনা দিবলৈ অহা ইংলেণ্ডৰ বেগী বলাৰ ক্ৰিছ বক্সছক তেওঁ চিনিয়ে পোৱা নাছিল। বহুদেৰীৰ পিছত তেওঁ গধূৰ খোজেৰে ড্ৰেচিং ৰূমলৈ আগবাঢ়ে।

গাপ্তিলৰ সৈতে দ্বিতীয়বাৰ এনে হৈছে য’ত তেওঁ ফাইনেলত হৰা দলৰ অংশ আছিল। ২০১৫চনত ৱৰ্ল্ড কাপতো নিউজীলেণ্ডে হাৰিছিল অষ্ট্ৰেলিয়াৰ হাতত। সেই সময়ত ৱৰ্ল্ডকাপত সকলোতকৈ অধিক ৰাণ সংগ্ৰহ কৰা গাপ্তিলৰ কাৰণে এইবাৰ টুৰ্ণামেণ্ট আছিল নিষ্প্ৰভ। তেওঁ দহখন মেচত কেৱল ১৮৬ৰাণ সংগ্ৰহ কৰে। তেওঁৰ বেটৰ পৰা ওলায় কেৱল এটা অৰ্ধশতক।

 
First published: July 15, 2019, 4:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading