আকৌ এবাৰ মেগনিফিচিয়েণ্ট মেৰীকমৰ সাফল্য, প্ৰেছিডেণ্টছ কাপত সোণৰ পদক অৰ্জন

মেৰীকমে ফাইনেলত অষ্ট্ৰেলিয়াৰ এপ্ৰিল ফ্ৰেংকক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে

News18-Assam
Updated:July 28, 2019, 9:18 PM IST
আকৌ এবাৰ মেগনিফিচিয়েণ্ট মেৰীকমৰ সাফল্য, প্ৰেছিডেণ্টছ কাপত সোণৰ পদক অৰ্জন
মেৰীকমে ফাইনেলত অষ্ট্ৰেলিয়াৰ এপ্ৰিল ফ্ৰেংকক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে
News18-Assam
Updated: July 28, 2019, 9:18 PM IST
ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ! ইণ্ডোনেছিয়াত চলি থকা ২৩ সংখ্যক প্ৰেছিডেণ্টছ কাপত স্বৰ্ণ পদক অৰ্জনেৰে পুনৰ এবাৰ দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰীকমে।

টুৰ্ণামেণ্টখনত ৫১ কেজি ওজন শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মেৰীকমে আজি ফাইনেলত অষ্ট্ৰেলিয়াৰ এপ্ৰিল ফ্ৰেংকক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে।

স্বৰ্ণ পদক অৰ্জনৰ পিছতেই টুইটাৰৰ জৰিয়তে মেৰীকমে কয় যে ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈ থকা প্ৰেছিডেণ্টছ কাপত দেশৰ হৈ মই স্বৰ্ণ পদক অৰ্জন কৰিছো। এই বিজয়ৰ বাবে মণিপুৰৰ বক্সাৰ গৰাকীয়ে প্ৰশিক্ষকৰ লগতে অন্যান্য বিষয় ববীয়াসকলক ধন্যবাদ জনায়।




উল্লেখ্য যে অলিম্পিকত ৪৮ কেজি শাখা অন্তৰ্ভুক্ত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি মেৰীকমে প্ৰথমবাৰৰ বাবে ইণ্ডিয়া অ’পেনত ৫১ কেজিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই স্বৰ্ণ পদক অৰ্জন কৰিছিল।

লণ্ডন অলিম্পিকছৰ পদক বিজয়ী বক্সাৰ মেৰীকমৰ এনে সাফল্যই ২০২০ অলিম্পিক গেইমছৰ প্ৰস্তুতি দ্ৰুততৰ কৰাক লৈ উৎসাহী ক্ৰীড়ামহল।
আৰু চাওক পৰৱৰ্তী বাতৰি