বিয়াৰ পিছতে বিচাৰিছিল সন্তান, কিন্তু যৌনমিলনৰ কথা নাজানিছিল দম্পতিয়ে!

News18 Assam | News18-Assam
Updated:June 17, 2020, 3:07 PM IST
বিয়াৰ পিছতে বিচাৰিছিল সন্তান, কিন্তু যৌনমিলনৰ কথা নাজানিছিল দম্পতিয়ে!
বিয়াৰ বহু বছৰ পিছতো সন্তান নোহোৱাৰ পিছত চিকিৎসকৰ ওচৰত গৈহে হ’ল গোমৰ ফাঁক!

বিয়াৰ বহু বছৰ পিছতো সন্তান নোহোৱাৰ পিছত চিকিৎসকৰ ওচৰত গৈহে হ’ল গোমৰ ফাঁক!

  • Share this:
বিয়াৰ পিছতে সন্তানৰ কামনা কৰিছিল তেওঁলোকে। পিছে বহু প্ৰাৰ্থনাৰ পিছতো একো হোৱা নাছিল। অৱশেষত পৰিয়ালৰ পৰামৰ্শমতে চিকিৎসকৰ কাষ চাপে পতি–পত্নী। তেতিয়াই পোহৰলৈ আহিল আচল ঘটনা। বিয়াৰ ইমান বছৰ পিছতো সন্তানধাৰণৰ কাৰণে যে যৌনমিলনৰ প্ৰয়োজন সেয়া জনাই নাছিল এই দম্পতিয়ে। যিকোনো মানুহক অবাক কৰা এই কাণ্ড সন্মুখলৈ আনিছে ইউনাইটেড কিংগডম নেচনেল হেল্থ চাৰ্ভিচ (এনএইচএচ)-ত কাম কৰা এগৰাকী নাৰ্চে।

৪০ বছৰ ধৰি প্রসবৰ সময়ত নাৰ্ছ হিচাপে সহায়কাৰীৰ কাম কৰি আহিছিল ৰাচেল হিয়াৰচনে। শেহতীয়াকৈ নিজৰ আত্মজীৱনী লিখি শেষ কৰিছে তেওঁ। তাতেই এই অদ্ভূত দম্পতিৰ কথা উল্লেখ কৰিলে তেওঁ। 'হেণ্ডেল উইথ কেয়াৰ: কনফেশনচ অব এনএইচএস এণ্ড এনএইচএচ হেল্থ ভিজিটৰ' (Handle with Care: Confessions of an NHS Health Visitor by Rachael Hearson ) গ্ৰন্থত তেওঁ লিখিছে এবাৰ এক সন্তানহীন দম্পতিৰ চিকিৎসা কৰিবলৈ গৈ অদ্ভূত পৰিস্থিতিৰ মুখামুখী হৈছিল চিকিৎসক ৷ দম্পতিৰ সৈতে কথা পাতোতে তেওঁলোকৰ কেচ হিষ্ট্ৰী জানি অবাক হৈ পৰিল চিকিৎসক। বিয়াৰ পিছৰে পৰা সন্তান বিচাৰিছিল সেই স্বামী-স্ত্রীয়ে কিন্তু তাৰ কাৰণে যে শাৰিৰীক সংগম অর্থাৎ যৌন মিলনৰ প্রয়োজন সেয়া নাজানিছিল তেওঁলোকে। কোনোদিনেই শাৰিৰীক সম্পৰ্কত লিপ্ত হোৱা নাছিল সেই দম্পতি! তাৰ পিছত সন্তান বিচাৰি হাবাথুৰি খাই বিয়াৰ কেইবাবছৰৰ পিছত চিকিৎসকৰ দুৱাৰডলি পালেগৈ তেওঁলোক।

সেই দম্পতিক শিশুৰ জন্ম কেনেকৈ হয় সেয়া বুজোৱাৰ দায়িত্ব পৰিছিল হিয়াৰচনৰ কান্ধত। চিকিৎসকে দায়িত্ব দি দিয়াৰ পিছত সন্তান জন্মৰ কাৰণে যৌন মিলন প্রক্রিয়াৰ  প্রয়োজনীয়তা বুজাবলৈ গৈ ভীষণ অস্বস্তিকৰ পৰিস্থিতিত পৰিছিল নাৰ্ছ ৰাচেল হিয়াৰচন।

তথাপিও পেছাগত দায়িত্ব বুজি সেই দম্পতিৰ সৈতে যৌনমিলন, গর্ভধাৰণ আৰু শিশুৰ জন্মক লৈ সকলো খোলাখুলিকৈ আলোচনা কৰিছিল তেওঁ। সেই কথোপকথনৰ সময়তে সেই দম্পতিৰ পৰা ৰাচেলে জানিব পাৰে যে স্বামী–স্ত্ৰীহালে ভাবিছিল বিয়াৰ পিছত একেলগে থকা আৰম্ভ কৰিলেই আপোনা–আপুনি সন্তান গৰ্ভত আহে। একেখন ছাদৰ তলত থাকিলেই সন্তান হৈ যায়। কিন্তু শিশু নোহোৱাত তেওঁলোকে কিবা গণ্ডগোল হোৱাৰ আশংকাতহে চিকিৎসকৰ কাষ চাপে।

কেৱল এই আশ্বৰ্যকৰ ঘটনাই নহয়, ৰাচেল হিয়াৰচনৰ স্মৃতিকথাত আছে অনেক ঘটনাৰ উল্লেখ। চিকিৎসা তথা সেৱা কৰিবলৈ যাওঁতে সন্মুখীন হোৱা মজাৰ ঘটনা আৰু বহু সময়ত অস্বস্তিকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে তেওঁ। ৪০বছৰ ধৰি জমা হোৱা সেই অদ্ভূত অভিজ্ঞতা নিজৰ গ্ৰন্থত উজাৰি দিছে নাৰ্চ ৰাচেলে।
First published: June 17, 2020, 3:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading