• Home
  • »
  • News
  • »
  • world
  • »
  • বিশ্বজুৰি হঠাৎ অচল হৈ পৰিল Facebook, WhatsApp, Instagram! কিমান লোকচান জুকাৰবাৰ্গৰ?

বিশ্বজুৰি হঠাৎ অচল হৈ পৰিল Facebook, WhatsApp, Instagram! কিমান লোকচান জুকাৰবাৰ্গৰ?

ভাৰতত ৪১কোটি লোকে ফেচবুক ব্যৱহাৰ কৰে। আনহাতে ৱাটছএপৰ বজাৰখন ভাৰতত বহু বিশাল। কাৰণ ভাৰতত প্ৰায় ৫৩ কোটি লোকে ৱাটছএপ মেজেঞ্জাৰ ব্যৱহাৰ কৰে।

ভাৰতত ৪১কোটি লোকে ফেচবুক ব্যৱহাৰ কৰে। আনহাতে ৱাটছএপৰ বজাৰখন ভাৰতত বহু বিশাল। কাৰণ ভাৰতত প্ৰায় ৫৩ কোটি লোকে ৱাটছএপ মেজেঞ্জাৰ ব্যৱহাৰ কৰে।

ভাৰতত ৪১কোটি লোকে ফেচবুক ব্যৱহাৰ কৰে। আনহাতে ৱাটছএপৰ বজাৰখন ভাৰতত বহু বিশাল। কাৰণ ভাৰতত প্ৰায় ৫৩ কোটি লোকে ৱাটছএপ মেজেঞ্জাৰ ব্যৱহাৰ কৰে।

  • Share this:
ছচিয়েল নেটৱৰ্কিং ছাইট হোৱাটছএপ, ইনষ্টাগ্ৰাম আৰু ফেচবুক সোমবাৰে নিশা ভাৰত আৰু বিশ্বৰ বহু ঠাইত ব্যাপক কাৰিকৰী সমস্যাৰ সন্মুখীন হয়। হোৱাটছএপ ব্যৱহাৰকাৰীসকলে এই এপটোৰ জৰিয়তে বাৰ্তাৰ আদান-প্ৰদান কৰিবলৈ অসমৰ্থ হৈ পৰে। অৰ্থাৎ হোৱাটছএপ অচল হৈ পৰাত ব্যৱহাৰকাৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইনষ্টাগ্ৰামতো, ব্যৱহাৰকাৰীসকলে লগ ইন আৰু ৰিফ্ৰেছ কৰিব নোৱাৰা হৈ পৰে। আনহাতে ফেচবুকতটো অনুৰূপ সমস্যাই দেখা দিয়ে আৰু ব্যৱহাৰকাৰীসকল ফেচবুক ব্যৱহাৰ কৰিবলৈ অক্ষম হৈ পৰে।

খবৰ অনুসৰি, ভাৰতত সোমবাৰে নিশা প্ৰায় ৯.১৫ বজাত বিশ্বব্যাপী সৃষ্টি হোৱা এই সমস্যাৰ সূত্ৰপাত ঘটে। হোৱাটছএপে টুইট কৰি এই সমস্যাৰ কথা অৱগত কৰে ব্যৱহাৰকাৰীক।

"আমি জানিব পাৰিছো যে কিছুমান লোকে এই মুহূৰ্তত হোৱাটছএপ ব্যৱহাৰ কৰাত সমস্যাৰ সন্মুখীন হৈছে। আমি বস্তুবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ কাম কৰি আছো আৰু যিমান সম্ভৱ সোনকালে এই সন্দৰ্ভত সমস্যাটো সমাধান কৰি আপোনালোকক অৱগত কৰিম। আপোনালোকৰ ধৈৰ্য্যৰ বাবে ধন্যবাদ! " ৱাটছএপ কৰ্তৃপক্ষই এনেদৰে টুইটাৰত প্ৰকাশ কৰে।

ইনষ্টাগ্ৰামেও এই বিভ্ৰাটৰ কথা স্বীকাৰ কৰিছে আৰু টুইটাৰ যোগে ব্যৱহাৰকাৰীসকলক সমস্যা সন্দৰ্ভত অৱগত কৰে।

এনেধৰণৰ সমস্যাসমূহৰ ওপৰত নজৰ ৰখা নেটব্লক নামৰ ইণ্টাৰনেটৰ অৱজাৰ্ভেটৰীয়ে কয় যে, "এই বিভ্ৰাট দেশ-নিৰ্দিষ্ট নহয়। ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আৰু মেচেঞ্জাৰে বৰ্তমান একাধিক দেশত বিভ্ৰান্তিৰ সন্মুখীন হৈছে। ঘটনাটো দেশ-পৰ্যায়ৰ ইণ্টাৰনেট ব্যাঘাত বা ফিল্টাৰিঙৰ সৈতে সম্পৰ্কিত নহয়।"

যোৱা জুলাই মাহত এনে ধৰণৰ এক গোলকীয় বিভ্ৰাটৰ ঘটনা ঘটিছিল যেতিয়া কেইবাটাও অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্ম  যেনে ডিজনী হটষ্টাৰ, চনীলিভ, জোমেটো, পেটিএম আৰু আনকি ইএছপিএনৰ দৰে নতুন ৱেবছাইটৰ ক্লাউড সেৱা প্ৰদানকাৰী আকামাই ক্ৰেছ হোৱাৰ পিছত এইসমূহ অচল হৈ পৰিছিল।

উল্লেখ্য , ভাৰতত ৪১কোটি লোকে ফেচবুক ব্যৱহাৰ কৰে। আনহাতে ৱাটছএপৰ বজাৰখন ভাৰতত বহু বিশাল। কাৰণ ভাৰতত প্ৰায় ৫৩ কোটি লোকে ৱাটছএপ মেজেঞ্জাৰ ব্যৱহাৰ কৰে। ভাৰতত ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে প্ৰায় ২১ কোটি।

ইফালে, কিছু ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰা ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ আৰু এক Whistleblower–এ প্ৰকাশ কৰা অনুসৰি কোম্পানীৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ ৬০০ কোটি ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪,৪৭,৩৪,৮৩,০০,০০০ টকা)ৰ লোকচান হয়। ৰিপ’ৰ্টে কয় যে কিছু ঘণ্টাৰ বাবে সৃষ্টি হোৱা এই সমস্যাৰ ফলত ধনীৰ তালিকাতো জুকাৰবাৰ্গ এখোজ পিছুৱাই গৈ মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছতকৈ এটা স্থান তললৈ আহে।
Published by:Sanjay Kumar Das
First published: