মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»ভাৰতত ফেচবুকৰ বিনিয়োগ? মুখামুখি মাৰ্ক জুকাৰবাৰ্গ–মুকেশ আম্বানী

ভাৰতত ফেচবুকৰ বিনিয়োগ? মুখামুখি মাৰ্ক জুকাৰবাৰ্গ–মুকেশ আম্বানী

News18 Assam | News18-Assam
Updated:December 15, 2020, 10:48 AM IST
ভাৰতত ফেচবুকৰ বিনিয়োগ? মুখামুখি মাৰ্ক জুকাৰবাৰ্গ–মুকেশ আম্বানী
ফেচবুকৰ চীফ ৰেভিনিউ অফিচাৰ ডেভিদ ফিছাৰে এই বিষয়ে প্ৰকাশ কৰিছে।

ফেচবুকৰ চীফ ৰেভিনিউ অফিচাৰ ডেভিদ ফিছাৰে এই বিষয়ে প্ৰকাশ কৰিছে।

  • News18 Assam
  • Last Updated: December 15, 2020, 10:48 AM IST
  • Share this:
ছচিয়েল মিডিয়া জায়েণ্ট ফেচবুকে মঙলবাৰে অৰ্থাৎ ১৫ ডিচেম্বৰত ফুৱেল ফৰ ইণ্ডিয়া ২০২০ ইভেণ্টৰ আয়োজন কৰিছে। এই ইভেণ্টত মাৰ্ক জুকাৰবাৰ্গ আৰু ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি, ডিজিটাইজেচন আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ভূমিকাক লৈ আলোচনা কৰিব।

ফেচবুকৰ চীফ ৰেভিনিউ অফিচাৰ ডেভিদ ফিছাৰে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ আৰু জনায়, ফেচবুকে ভাৰতত দীঘলীয়া সময়ৰ বাবে বিনিয়োগৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ বাবে ধাৰাবাহিকভাৱে ব্যৱসায়ীসকলক নতুন নতুন পদ্ধতি আগবঢ়োৱা হৈছে, যাতে তেওঁলোকে অনলাইনত আৰু সক্ৰিয় হ’ব পাৰে আৰু তেওঁলোকৰ ব্যৱসায়ৰ উন্নতিত সহায়ক হয়।

ডেভিদ ফিছাৰে কয়, ‘‘ফেচবুকে ভাৰতত বিনিয়োগ কৰিছে আৰু এনেকুৱা কিছুমান চুক্তি কৰিছে যিবোৰ বিশ্বৰ কোনো ঠাইত কৰা হোৱা নাই। ভাৰতৰ এটা বিষয় যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ সেইটো হ’ল ইন’ভেচনৰ গতি, ইয়াৰ বাবে সমাজত যি পৰিৱৰ্তন আহিছে, তাৰ বাবেই  বিনিয়োগ কৰিছে ফেচবুকে।’

ফিচাৰে আৰু কয় যে ভাৰতৰ বাবে বিশেষ পৰিকাঠামো প্ৰস্তুত কৰা হৈছে। ভাৰতত আমি এনেধৰণৰ কিছুমান কাম কৰিছো যিবোৰ আমি কোনো দেশত কৰা নাই।
Published by: Sanjay Kumar Das
First published: December 15, 2020, 10:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি