মাৰ্ক জুকাৰবাৰ্গ আৰু তেওঁৰ পত্নী প্ৰিচিলা চানে বুধবাৰে নিশা ফেচবুক আৰু ইনষ্টাগ্ৰামত (Mark Zuckerberg and his wife Priscilla Chan expecting third baby) এখন ফটো শ্বেয়াৰ কৰিছিল। ছবিখনত, মাৰ্ক আৰু প্ৰিচিলা দুয়োকে আৰামদায়ক হুডি পিন্ধা দেখা যায়, জুকাৰবাৰ্গে তেওঁৰ পত্নীৰ বেবী বাম্প স্পৰ্শ কৰি আছিল।
মাৰ্ক জুকাৰবাৰ্গ আৰু প্ৰিচিলা চানে ২০০৩ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ডেটিং আৰম্ভ কৰিছিল, ২০১০ চনত একেলগে থাকিবলৈ আৰম্ভ কৰিছিল, একে বছৰতে তেওঁ কেলিফৰ্ণিয়াৰ পালো অল্ট'ত মাৰ্ক জুকাৰবাৰ্গৰ ভাড়াঘৰত থাকিবলৈ আহিছিল। দুবছৰীয়া লিভ-ইন সম্পৰ্কৰ পিছত ২০১২ চনত বিবাহ পাশত আৱদ্ধ হৈছিল।
২০১৫ চনত, তেওঁলোকৰ প্ৰথম সন্তানৰ জন্ম হৈছিল আৰু ডাঙৰ জীয়েকৰ নাম আছিল মেক্সিমা চান জুকাৰবাৰ্গ, ৭ বছৰীয়া মেক্সিমাৰ চীনা নাম চেন মিঙ্গু। সেই সময়ত, জুকাৰবাৰ্গে তেওঁৰ পত্নীৰ সন্তান জন্মৰ শাৰীৰিক সমস্যাৰ বিষয়েও কৈছিল যে প্ৰিচিলাই প্ৰথমবাৰৰ বাবে মাতৃত্বৰ আগতে তিনিবাৰ গৰ্ভপাতৰ বেদনাৰ মাজেৰে যাব লগা হৈছিল।
জুকাৰবাৰ্গ দম্পতীৰ দ্বিতীয় কন্যাৰ জন্ম হৈছিল ২০১৭ চনত, যাৰ নাম অগাষ্ট, এইবাৰ মেক্স আৰু অগাষ্টৰ সৰু ভগ্নী আহিবলৈ গৈ আছে, আৰু মাৰ্ক আৰু প্ৰিচিলাৰ পৰিয়ালত এটা পোহনীয়া কুকুৰ 'বিষ্ট' আছে।
Published by: Kokil Sarma
FIRST PUBLISHED : September 22, 2022, 14:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।