ডেৰ বছৰ ধৰি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি আছে কোৰোণা ভাইৰাছে। প্ৰতিদিনাই লাখৰ ঘৰত লোক আক্ৰান্ত হৈছে কোৰোণাত। কোৰোণাৰ এনে সংকটকালত সমগ্ৰ বিশ্বৰে অৰ্থ ব্যৱস্থা ব্যাপক ভাবে ক্ষতিগ্ৰস্ত হৈছে।
কিন্তু জনা গৈছে যে, আঠ বছৰৰ পূৰ্বেই কোৰোণা ভাইৰাছৰ পূৰ্বাভাস লাভ কৰিছিল। টুইটাৰৰ জৰিয়তে এজন লোকে কৰিছিল এই ভৱিষ্যতবাণী। ২০১৩ চনত তেওঁ টুইটাৰত লিখিছিল কোৰোণা ভাইৰাছৰ কথা।
২০১৩ চনৰ ৩ জুনত মাৰ্কো নামৰ টুইটাৰ একাউণ্ট এটাৰ পৰা পোষ্ট কৰা হৈছিল যে, 'কোৰোণা ভাইৰাছ আহি আছে'। সেই সময়ত লোকজনৰ পোষ্টটোৱে বিশেষ গুৰুত্ব লাভ কৰা নাছিল। কিন্তু এতিয়া কোৰোণাৰ এনে সংকটকালত চৰ্চালৈ আহিছে সেই বিশেষ পোষ্টটো।
কিন্তু এই পোষ্টৰ অৰ্থ কি? সাধাৰণ বাখ্যা মতে, মাৰ্কোই তেওঁৰ টুইটত সাধাৰণ কোৰোণাৰ জীৱানুৰ কথা কৈছিল। নিৰ্দিষ্ট ভাবে কোভিড-১৯ৰ কথা নহয়। কাৰণ তেওঁ যেতিয়া পোষ্ট কৰিছিল, তেতিয়া আছিল ২০১৩ চন। ২০১৯ চনলৈ প্ৰায় ৬ বছৰ বাকী আছিল।
আনকি দেখা গৈছে যে, লোকজনে ২০১৬ৰ ১১ ডিচেম্বৰৰ পিছত আৰু নতুনকৈ কোনোধৰণৰ টুইট কৰা নাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|