চীনৰ পৰা অহা যাত্ৰীসকলৰ ওপৰত কোভিড নিষেধাজ্ঞা আৰোপ কৰাৰ সন্দৰ্ভত হোৱাইট হাউছে কয় যে বেইজিঙে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য দেশৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ কোনো কাৰণ নাই। ক'ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশৰ দ্বাৰা আৰোপ কৰা যাত্ৰীৰ নিষেধাজ্ঞাৰ প্ৰতি চীনৰ প্ৰতিক্ৰিয়াৰ পাছতেই হোৱাইট হাউচৰ এগৰাকী প্ৰবক্তাই কয় যে সংক্ৰমণ বৃদ্ধিৰ মাজত জনস্বাস্থ্যৰ ভিত্তিত বিবেকপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি, চীনৰ পৰা অহা যাত্ৰীসকলক নিষিদ্ধ কৰাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত হোৱাইট হাউচৰ প্ৰেছ সচিব কাৰিনে জিন-পিয়েৰে কয় যে ‘‘ইয়াত প্ৰতিশোধ লোৱাৰ কোনো কাৰণ নাই, কিয়নো বিশ্বৰ বিভিন্ন দেশে তেওঁলোকৰ নাগৰিকসকলক সুৰক্ষা দিয়াৰ বাবে বিচক্ষণ ব্যৱস্থা গ্ৰহণ কৰি আছে।’’ তেওঁ লগতে কৈছিল যে, ‘‘এই সিদ্ধান্ত জনস্বাস্থ্য আৰু বিজ্ঞানৰ ওপৰত আধাৰিত। আমি আপোনাক জনাওঁ যে আমেৰিকাৰ লগতে জাপান, ইউকে আৰু ফ্ৰান্সৰ দৰে আন দেশসমূহেও চীনৰ ভ্ৰমণকাৰীসকলৰ ওপৰত একে ধৰণৰ কোভিড নিষেধাজ্ঞা আৰোপ কৰিছে।’’
প্ৰেছ সচিব কাৰিনে জিন-পিয়েৰে লগতে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই চীনক অধিক তথ্য মুকলি কৰিবলৈ আহ্বান জনাইছে যিটো যিকোনো সাম্ভাব্য প্ৰকাৰ পুনৰ চিনাক্ত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতে, তেওঁলোকে নিজৰ নাগৰিকৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছে। উল্লেখ্য যে, বৰ্তমান চীনৰ পৰা আমেৰিকালৈ অহা সকলো যাত্ৰীয়ে কোভিড-১৯ প্ৰতিবেদন দাখিল কৰিব লাগিব।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 04, 2023, 08:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।