উত্তৰ-পূব অস্থিৰ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ, নগা শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰাকক্ষণত লণ্ডনত ঘোষণা স্বাধীন মণিপুৰ

পাকিস্তানৰ প্ৰতিষ্ঠিত সংবাদ পত্ৰত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ বাতৰি

News18-Assam
Updated:October 30, 2019, 7:05 AM IST
উত্তৰ-পূব অস্থিৰ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ, নগা শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰাকক্ষণত লণ্ডনত ঘোষণা স্বাধীন মণিপুৰ
পাকিস্তানৰ প্ৰতিষ্ঠিত সংবাদ পত্ৰত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ বাতৰি
News18-Assam
Updated: October 30, 2019, 7:05 AM IST
পাৰ্থজ্যোতি বৰা : মণিপুৰৰ প্ৰতীকী ৰজা লেইছেম্বা ছানাজাওবাৰ দুজন প্ৰতিনিধিয়ে মঙলবাৰে লণ্ডনত ঘোষণা কৰিছে স্বাধীন মণিপুৰ। পৃথক মণিপুৰৰ কথা ঘোষণা কৰি তেওঁলোকে গঠন কৰিছে মণিপুৰ ষ্টেট কাউন্সিল। নগা শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰাক মুহূৰ্তত এখন বিদেশী ৰাষ্ট্ৰত এনে ঘোষণাই এক আন্তঃৰাষ্ট্ৰীয় চক্ৰই যে উত্তৰৃপূব অস্থিৰ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে তাৰেই ইংগিত বহন কৰিছে। এই ষড়যন্ত্ৰত চুবুৰীয়া পাকিস্তান জড়িত হৈ থকাৰো সন্দেহ নুই কৰিব নোৱাৰি। কাৰণ এই বাতৰি প্ৰকাশ পাইছে লাহোৰ, ইছলামাবাদ, কৰাচী আৰু লণ্ডনৰ পৰা প্ৰকাশিত পাকিস্তানৰ আগশাৰীৰ সংবাদ পত্ৰ The News Internationalত।

নিজকে স্বাধীন মণিপুৰৰ প্ৰধানমন্ত্ৰী বুলি দাবী কৰা য়ামবেন বীৰেন আৰু স্বাধীন মণিপুৰৰ স্বয়ম্ভু বিদেশ তথা প্ৰতিৰক্ষা মন্ত্ৰী নাৰেংবাম সমৰজিতে লণ্ডনত এখন সংবাদমেল পাতি এই Government in Exileৰ কথা ঘোষণা কৰে। এই চৰকাৰ লণ্ডনৰ পৰা পৰিচালিত হ’ব বুলিও কয় দুয়োগৰাকীয়ে। মণিপুৰৰ ৰজাৰ নিৰ্দেশক্ৰমে তেওঁলোকে এই ঘোষণা কৰিছে বুলিও দাবী কৰে।



দুয়োগৰাকীয়ে ছেপ্টেম্বৰ মাহতে ইংলেণ্ড চৰকাৰৰ পৰা ৰাজনৈতিক আশ্ৰয় বিচাৰি আবেদন কৰাৰ কথাও সদৰি কৰে। মণিপুৰত স্বাধীনতা ঘোষণা কৰিলে ভাৰতীয় সেনাৰ অত্যাচাৰৰ বলি হোৱাৰ আশংকা কৰি তেওঁলোকে লণ্ডনলৈ আহি এই ঘোষণা কৰিছে বুলিও কয়।



 

পাকিস্তানৰ সংবাদ পত্ৰখনত প্ৰকাশ পোৱা অনুসৰি, দুয়ো ৰাষ্ট্ৰসংঘৰ পৰা স্বাধীন মণিপুৰৰ স্বীকৃতিও বিচাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাত সৰু দেশ (ৰাজ্য) সমূহক ধ্বংস কৰি হিন্দুত্ব প্ৰতিষ্ঠাৰ এক ষড়যন্ত্ৰত ভাৰত চৰকাৰ লিপ্ত হৈছে বুলিও দুয়ো মন্তব্য কৰা বুলি প্ৰকাশ পাকিস্তানৰ সংবাদপত্ৰখনত।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি