কোনোবাই নিজকে বেলেগ দেখুৱাবলৈ গৈ অন্য ৰূপত সজায়। কোনোৱে যদি গাত টেটু কৰে, কোনোৱে কৰে মুখত। কোনোবাই অস্ত্ৰোপচাৰ কৰি শাৰীৰিক ৰূপ সলনি কৰিবলৈ ভাল পায়। কিন্তু এনে এগৰাকী লোক সম্প্ৰতি ভাইৰেল হৈছে বিশ্বজুৰি, যি নিজকে সজাইছে অদ্ভুত ৰূপত। এই মানুহগৰাকীয়ে নিজকে 'ক'লা এলিয়েন' (Black Alien)ৰ দৰে দেখুৱাবলৈ কি কৰিছিল শুনি আপুনি আচৰিত হ'ব।
এন্থনি লোফ্ৰেডো (Anthony Loffredo)। ফ্ৰান্সৰ নাগৰিক (Frenchman)। নিজকে ভিন্ন গ্ৰহৰ জন্তুৰ দৰে সজাবলৈ নাক, ওঁঠ, জিভাৰ অস্ত্ৰোপচাৰ কৰে তেওঁ। লোফ্ৰেডোৱে আনকি গোটেই শৰীৰ আৰু চকুৰ মণিবোৰো টেটু কৰে। কিন্তু এই সকলোবোৰ কৰা সত্ত্বেও তেওঁৰ হৃদয় ভৰি পৰা নাছিল। তেওঁ নিজকে ঠিক অন্যগ্ৰহৰ প্ৰাণীৰ দৰে দেখাবলৈ এটা ডাঙৰ পদক্ষেপ লয়।
সংবাদ সংস্থা দ্য ছান (The US Sun)ৰ প্রতিবেদন অনুযায়ী, শৰীৰৰ ওপৰৰ অংশ অস্ত্ৰোপচাৰৰ দ্বাৰা সলনি কৰে ঠিকেই, কিন্তু এইবাৰ আলফ্ৰেডোৱে ভিন্ন গ্ৰহৰ জন্তুৰ দৰে হাত বনোৱাৰ সিদ্ধান্ত লয়। এইবাৰ তেওঁ দুয়োখন হাতৰে দুটা আঙুলি কাটিবলৈ সিদ্ধান্ত লয়। যাতে তেওঁৰ হাতখন জন্তুৰ দৰে দেখায়। ভবা মতে কাম। তেওঁ সম্প্ৰতি এখন হাতৰ আঙুলি কাটি পেলাইছে।
আলফ্ৰেডৰ এটা ইনষ্টাগ্ৰাম একাউণ্ট আছে নাম ব্লেক এলিয়েন প্ৰজেক্ট। তেওঁ তাত তেওঁৰ অস্ত্ৰোপচাৰৰ হাতৰ এখন ফটোও দিছিল। তেওঁ ইয়াত লিখিছিল- 'এইবাৰহে অন্তৰাত্মাই শান্তি পালে।' ইয়াৰ পূৰ্বে তেওঁ অস্ত্ৰোপচাৰ কৰি দুয়োখন কাণ কাটে আৰু জিভাখন মাজেৰে দুফাল কৰে।
তেওঁ অস্ত্ৰোপচাৰ কৰি যোৱাবছৰ নাকো সলনি কৰিছিল। ২০১৭ চনত ফৰাচী বাতৰি কাকতত আলফ্ৰেডোৱে কয়, "মই সৰুৰে পৰা মোৰ শৰীৰৰ আকৃতি সলনি কৰিবলৈ আগ্ৰহী। সেই আগ্ৰহ পিছত আসক্তিত পৰিণত হয়।" গতিকে লোফ্ৰেডোৱে তেওঁৰ শৰীৰ সলনি কৰিবলৈ এটাৰ পিছত এটা অস্ত্ৰোপচাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই আৰু আজি এলিয়েনৰ ৰূপ লৈ বিশ্বজুৰি ভাইৰেল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|