আচৰিত! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা বৃদ্ধি কৰি ল'লে যুৱকে, খৰচ কিমান হ'ল জানেনে?

News18 Assam | News18-Assam
Updated:January 21, 2021, 3:22 PM IST
আচৰিত! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা বৃদ্ধি কৰি ল'লে যুৱকে, খৰচ কিমান হ'ল জানেনে?
সঁচাকৈয়ে অসম্ভৱ বুলি যেন পৃথিৱীত একোৱেই নাই! অস্ত্ৰোপচাৰৰ জৰিয়তে চুটি চাপৰ লোকেও এতিয়া উচ্চতা বৃদ্ধি কৰিব পাৰে।

সঁচাকৈয়ে অসম্ভৱ বুলি যেন পৃথিৱীত একোৱেই নাই! অস্ত্ৰোপচাৰৰ জৰিয়তে চুটি চাপৰ লোকেও এতিয়া উচ্চতা বৃদ্ধি কৰিব পাৰে।

  • Share this:
সঁচাকৈয়ে অসম্ভৱ বুলি যেন পৃথিৱীত একোৱেই নাই! অস্ত্ৰোপচাৰৰ জৰিয়তে চুটি চাপৰ লোকেও এতিয়া উচ্চতা বৃদ্ধি কৰিব পাৰে। এনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ। দেশখনৰ আলফানছো ফ্ল’ৰোছ নামৰ এজন যুৱকে অস্ত্ৰোপচাৰৰ জৰিয়তে ২ইঞ্চি বৃদ্ধি কৰিলে নিজৰ উচ্চতা।  নিজৰ উচ্চতা ৫ ফুট ১১ইঞ্চিৰ পৰা ৬ফুট ১ইঞ্চিলৈ বৃদ্ধি কৰি সকলোকে আচৰিত কৰিলে যুৱকজনে। ইয়াৰ বাবে লোকজনৰ খৰচ হ'ল ৫৫ লাখ টকা।

এটা সাক্ষাৎকাৰত যুৱকজনে কয় যে,  তেওঁৰ উচ্চতা বৃদ্ধি কৰাৰ হেঁপাহ দীৰ্ঘদিনৰ পৰাই আছিল। আৰু সেই কথা আত্মীয়ক কৈছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল। সকলোৱে আনকি এনে আজৱ চিন্তা পৰিহাৰ কৰাৰ উপদেশহে দিছিল।

কিন্তু অৱশেষত যুৱকজনে কৰে অস্ত্ৰোপচাৰ। আলফানছোৰ এই অস্ত্ৰোপচাৰটো সম্পন্ন কৰিছিল হাৰ্ভাডৰ প্ৰশিক্ষণপ্ৰাপ্ত লাছ ভেগাছৰ  শল্য চিকিৎসক কেভিন দেবীপ্ৰসাদে অস্ত্ৰোপচাৰটোত ৰোগীৰ ভৰিত ছয়টা ফুটা কৰা হয়। তাৰপাছত সেই ফুটাৰে এটা বিশেষ যন্ত্ৰ প্ৰৱেশ কৰাই দিয়া হয়। যন্ত্ৰটো বাহিৰৰ পৰা ৰিম’টৰ সহায়ত নিয়ন্ত্ৰণ কৰা হয়। এই যন্ত্ৰই শৰীৰৰ ভিতৰত বাঢ়ি থাকে।
Published by: Himangshu Bhuyan
First published: January 21, 2021, 3:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি