মৰসাহ! আগ্নেয়গিৰিৰ লাভাত অমলেট বনাই খোৱাৰ মন এইজন যুৱকৰ, ফ্ৰাই পেনত কণী দিয়াৰ লগে লগে ঘটিল এই ঘটনা, চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:April 1, 2021, 12:17 PM IST
মৰসাহ! আগ্নেয়গিৰিৰ লাভাত অমলেট বনাই খোৱাৰ মন এইজন যুৱকৰ, ফ্ৰাই পেনত কণী দিয়াৰ লগে লগে ঘটিল এই ঘটনা, চাওক ভিডিঅ’
চৌদিশে বিয়পি পৰিছিল আগ্নেয়গিৰিৰ তপত লাভা।

চৌদিশে বিয়পি পৰিছিল আগ্নেয়গিৰিৰ তপত লাভা।

  • Share this:
সন্মুখত ভয়ংকৰ আগ্নেয়গিৰি। পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে উত্তপ্ত লাভাৰ সোঁত। দেখিলেই ভয়লগা এক দৃশ্য। কিন্তু এই আগ্নেয়গিৰিৰ জ্বলন্ত লাভাত অমলেট বনাই খোৱাৰ মন এজন অত্যুৎসাহী যুৱকৰ। ঘটনাটো আইচলেণ্ডৰ।

১৯ মাৰ্চত আইচলেণ্ডৰ ফাগৰাদালছফজাল নামৰ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল। চৌদিশে বিয়পি পৰিছিল আগ্নেয়গিৰিৰ তপত লাভা। প্ৰায় ৮০০ বছৰ পিছত আগ্নেয়গিৰিটোৰ উদ্গীৰণ হোৱাত ওচৰ–পাজৰৰ বহু লোকে পলায়ন কৰিছিল। কিন্তু এজন অত্যুৎসাহী যুৱকে হাতত ফ্ৰাই পেন লৈ আগ্নেয়গিৰিৰ জ্বলন্ত লাভাৰ কাষলৈ গৈছিল। উত্তপ্ত লাভাৰ ওপৰত ফ্ৰাইপেন থৈ কণীৰ অমলেট বনোৱাৰ চেষ্টা কৰে যুৱকজনে।


অৱশ্যে যুৱকজনৰ সেই আশা পূৰণ নহ’ল। ফ্ৰাইপেনত কণী দিয়াৰ লগে লগে পুৰি ছাই হ’ল। কিন্তু যুৱকজনৰ লাভাত বনোৱা অমলেট খোৱাৰ ইচ্ছা পূৰণ নহ’লেও তেওঁৰ মৰসাহৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।
Published by: Sanjay Kumar Das
First published: April 1, 2021, 12:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি