உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • পেলনীয়া কাগজ বুলি ভাৱি দলিয়ালে ১৬ লাখ টকা, বেংকৰ সলনি পেলালে ডাষ্টবিনত, তাৰ পিছত...

    পেলনীয়া কাগজ বুলি ভাৱি দলিয়ালে ১৬ লাখ টকা, বেংকৰ সলনি পেলালে ডাষ্টবিনত, তাৰ পিছত...

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    এই টকাখিনি বেংকত জমা কৰিবলৈ বেগত ভৰাই নিছিল। কিন্তু তেওঁ ভুলতে জাৱৰৰ বেগৰ সৈতে টকাৰ বেগটোও দলিয়াই দিয়ে ডাষ্টবিনত।

    • Share this:
    কোৱা হয় যে ভুল মানুহৰে হয়। পৃথিৱীত এনে কোনো এজন লোক নাই যাৰ ভুল হোৱা নাই। কোৱা হয় যে যদি মানুহে ভুলেই নকৰে তেন্তে ভগৱান হৈ যাব। মানুহে নিজৰ ভুলৰ পৰাই শিক্ষা লয়। কিন্তু কেতিয়াবা এনে কিছুমান ভুল হৈ যা, যিবোৰ জীৱনৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰে। এনে এক পোহৰলৈ আহিছে গ্ৰীচত। লোকজনে ভুলতে ১৬ লাখ টকা ডাষ্টবিনত পেলাই দিয়ে।

    গ্ৰীচৰ এই ব্যৱসায়ীজনৰ নাম প্ৰকাশ হোৱা নাই, কিন্তু যেতিয়া লোকজনে নিজৰ ভুল বুজিব পাৰিলে তেতিয়া তেওঁ হতভম্ব হৈ পৰে। লোকজনে নিজৰ ঘৰ পৰিষ্কাৰ কৰিছিল। তাৰ পিছত তেওঁ জাৱৰবোৰ প্লাষ্টিকৰ বেগত ভৰাই নিজৰ গাড়ীত ৰাখে। লোকজনে ভাবিছিল যে তেওঁ অফিচলৈ যোৱাৰ পথত ইয়াক ডাষ্টবিনত পেলাই দিব। কিন্তু যেতিয়া তেওঁ অফিচলৈ যোৱাৰ পথত জাৱৰবোৰ পেলাবলৈ উলিয়াইছিল তেতিয়া ভুলতে টকাৰ বেগটোও দলিয়াই দিয়ে।

    লোকজন গ্ৰীক আইলেণ্ড অব লেমন্সৰ বাসিন্দা। ব্যৱসায়ৰ বাবে তেওঁ ১৬ লাখ টকা উলিয়াইছিল। এই টকাখিনি বেংকত জমা কৰিবলৈ বেগত ভৰাই নিছিল। কিন্তু তেওঁ ভুলতে জাৱৰৰ বেগৰ সৈতে টকাৰ বেগটোও দলিয়াই দিয়ে ডাষ্টবিনত। তাৰ পিছত তেওঁ কাৰ্যালয়ত উপস্থিত হয়। তেতিয়াহে লোকজনৰ মনত পৰে যে তেওঁৰ গাড়ীত থকা দুটা বেগত টকা আছিল। লগে লগে লোকজনে বুজিব পাৰিলে যে তেওঁ কি ভুল কৰি পেলালে।

    লগে লগে লোকজনে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ সৈতে মিলি তেওঁ জাৱৰ পেলোৱা স্থানলৈ ৰাওনা হয়। কিন্তু জাৱৰ কঢ়িওৱা গাড়ীয়ে সেই জাৱৰ তাৰ পৰা লৈ গৈছিল। কিন্তু লোকজনৰ ভাগ্য ভাল আছিল যে জাৱৰৰ গাড়ীখন বিচাৰি পাইছিল। লগে লগে পথৰ দাঁতিত গাড়ীখনৰ পৰা সকলো জাৱৰ নমোৱা হয়। কিছু সময় বিচৰাৰ পিছত জাৱৰৰ মাজৰ পৰা উদ্ধাৰ কৰে টকাৰ বেগ দুটা।
    Published by:Sanjay Kumar Das
    First published: