ভেলেন্টাইন ডে'ত প্ৰেমিকাক আকৰ্ষণ কৰিবলৈ এয়া কি কৰিলে ? যৌনাংগত লাগি ধৰিলে আঙুঠি, যাবলগীয়া হ'ল চিকিৎসালয়লৈ

- News18 Assam
- Last Updated: February 18, 2021, 5:45 PM IST
নিজকে তেওঁৰ প্ৰেয়সীৰ সন্মুখত অধিক ৰোমান্তিক তথা আকৰ্ষণীয় ৰূপত দাঙি ধৰিবলৈ গৈ তেওঁ যৌনাংগত এটা আঙুঠি পিন্ধিছিল। কিন্তু ইয়াৰ ফলাফল শুনিলে আচৰিত হ'ব আপুনিও।
তেওঁ যৌনাংগৰ বিষত থাকিব নোৱাৰা হৈ পৰিছিল আৰু চিকিৎসকৰ সহায় লোৱাৰ পূৰ্বে দুদিনলৈ এই অসহ্যকৰ বিষ সহ্য কৰি আছিল। অৱশেষত তেওঁ চিকিৎসকসকৰ কাষ চাপে আৰু গ্ৰেড বোল্ট-কাটাৰ ব্যৱহাৰ কৰি চিকিৎসকে ৰিঙটোৰ পৰা তেওঁ যৌনাংগ মুকলি কৰিছিল।
এনেধৰণৰ পুতলা তেওঁলোকে প্ৰায়ে ব্যৱহাৰ কৰে আৰু খুব সহজভাৱে এটা আঙুঠি ক্ৰয় কৰাৰ পৰিৱৰ্তে তেওঁ ৩ চেমি বহল (১.২ ইঞ্চি) ষ্টীল নাট পাবলৈ তেওঁৰ টুলবক্স বেয়া কৰি পেলাইছিল। কেঁচুৱাৰ তেলক লুব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ কৰি তেওঁ শুক্ৰবাৰে তেওঁৰ যৌনাংগত আঙঠিটো পিচলাই পিন্ধিছিল। পিচে পিছদিনা তেওঁ দেখিলে যে যৌনাংগটো বহুত ডাঙৰ হৈ পৰিছিল আৰু তেওঁ লুব্ৰিকেণ্টেৰেও আঙুঠিটো আঁতৰ কৰিব পৰা নাছিল।
আৰু শেষত তেওঁ দেওবাৰে সন্ধিয়া জৰুৰীকালীন সেৱাক ফোন কৰিছিল। এক প্ৰতিবেদন উল্লেখ কৰা তথ্য অনুসৰি তেওঁ কৈছিল যে তেওঁৰ ফুলি থকা যৌনাংগত লাগি থকা আঙুঠিটোৰ সৈতে সম্পূৰ্ণ দুটা দিন অতিবাহিত কৰিছিল । লগতে কৈছিল, "মই ভয় খাই আছিলো যে মোৰ যৌনাংগ কটাৰ প্ৰয়োজন হ'ব, ইমান ফুলিছিল যে মই ভাবিছিলো ফাটি যাব নেকি ?"
ইপিনে এগৰাকী উদ্ধাৰকাৰীয়ে কয়, " এইটো হৈছে এতিয়ালৈকে আমি সন্মুখীন হোৱা আটাইতকৈ অদ্ভুত ঘটনা" । লগতে তেওঁ কৈছিল," হাতৰ আঙুলিত আঙুঠি লাগি ধৰাটো তেনেই সাধাৰণ কথা বা অভিযোগ। কিন্তু যেতিয়া এই ব্যক্তিগৰাকীৰ ঘৰত আমি উপস্থিত হৈছিলো তেতিয়া তেওঁৰ যৌনাংগত আঙুঠি লাগি থকা দেখি আমি আচৰিত হৈছিলো। তেওঁ উল্লেখ কৰে যে যদিও ৰিংটো উলিয়াই দিয়াটো কোনো সমস্যা নহয়, কিন্তু এই প্ৰক্ৰিয়াৰ মাজেৰে লোকজনে অনুভৱ কৰিবলগীয়া বিষ খিনিহে আটাইতকৈ ডাঙৰ কথা।