• Home
  • »
  • News
  • »
  • world
  • »
  • স্কুল বাছ চুৰি কৰি পলোৱা চোৰে মহতিয়াই নিলে ২০ খন গাড়ী তাৰ পিছত ওলোটাই পেলালে বাছখন

স্কুল বাছ চুৰি কৰি পলোৱা চোৰে মহতিয়াই নিলে ২০ খন গাড়ী তাৰ পিছত ওলোটাই পেলালে বাছখন

আমেৰিকাৰ (America) ছিয়াটলত (Seattle) যোৱা ২৬ অক্টোবৰত এক ভয়ানক কাণ্ড সংঘটিত হয়। এজন ব্যক্তিয়ে খালী স্কুল বাছ এখন চুৰি কৰি কমেও ২০খন গাড়ীত খুন্দিয়ায়। ইয়াৰ পিছতে বাছখন লুটিয়াই পেলায়। আৰক্ষীয়ে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে।

  • Share this:
পৃথিৱীত বহুধৰণৰ আজৱ ব্যক্তি পোৱা যায়। এইবোৰৰ কাণ্ড–কাৰখানা দেখি আপোনাৰ হাঁহি উঠাৰ লগতে আচৰিতো হ’ব। শেহতীয়াকৈ আমেৰিকাৰ (America) ছিয়াটলৰ বাসিন্দা এজন ব্যক্তিয়ে সকলোকে আচৰিত কৰি পেলালে। এই ব্যক্তিজনে প্ৰায় ১৫ মিনিটৰ কাৰণে এখন স্কুল বাছ চুৰি (Man Steals Massive School Bus) কৰে। ব্যক্তিজনে বাছখন চুৰি কৰি দৌৰাই দিয়ে, বাটত থকা ২০ খনৰো অধিক বাহন মহতিয়াই তীব্ৰ বেগেৰে গৈ থকা বাছখন এটা সময়ত গৈ লুটি খাই পৰে। এই সকলোবোৰ কাম মহা আৰামত কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰো হয় ব্যক্তিজনো।

ঘটনাটো পুৱা প্ৰায় ৭.১৫ বজাৰ। স্থানীয় আৰক্ষীৰ মতে কোনোবাই স্কুল বাছ এখন চুৰি কৰে আৰু তীব্ৰ বেগেৰে দৌৰাই দিয়াৰ খবৰ তেওঁলোকে লাভ কৰে। লোকেল ৰিপ’ৰ্টছৰ মতে ইয়াৰ পিছতে আৰক্ষীয়ে সেই ঠাইত উপস্থিত হৈ বাছখনত ব্যক্তিজনক প্ৰত্যক্ষ কৰে। আৰক্ষীৰ মতে কমেও ৫০ কিঃমিঃ প্ৰতি ঘণ্টা বেগত ব্যক্তিজনে বাছখন চলাই নিছিল।

পথত প্ৰায় ২০খন গাড়ীক খুন্দা মৰাৰ পিছত ব্যক্তিজনে বাছখন এক লোকেল বাছ ষ্টপত ৰখাই কিন্তু ইয়াৰ পিছত আৰু অধিক তীব্ৰ গতিৰে খুন্দিয়াই বাছ ষ্টপৰ ৱাল ভাঙি পেলায়। ইয়াৰ পিছত আৰক্ষীয়ে ব্যক্তিজনক ধৰিবলৈ গাড়ীৰে পিচ ল’বলগীয়া হয়। কোনোমতে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা ব্যক্তিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আহত হোৱাৰ বাবে ব্যক্তিজনক হাস্পতালত ভৰ্তি কৰাবলগীয়া হয়।

এই ঘটনাত আন কেইবাজনো লোক আহত হয় আৰু তেওঁলোকৰ চিকিৎসা চলোৱা হৈছে।
First published: