মাকৰ ঘৰলৈ যাও বুলি আন্য পুৰুষৰ সৈতে বিবাহ পাশত আবদ্ধ হল পত্নী। বিয়াৰ ভিডিও দেখি আচৰিত হোৱা স্বামীয়ে তদন্ত কৰাত ওলাল উৰহি গছৰ ওৰ । তেওঁৰ পত্নীৰ আছে ১৯গৰাকী স্বামী। মাকৰ ঘৰলৈ যাও বুলি আন্য পুৰুষৰ সৈতে বিবাহ পাশত আবদ্ধ হল পত্নী। বিয়াৰ ভিডিও দেখি আচৰিত হোৱা স্বামীয়ে তদন্ত কৰাত ওলাল উৰহি গছৰ ওৰ । তেওঁৰ পত্নীৰ আছে ১৯গৰাকী স্বামী। চীনত বিয়াৰ বাবে ছোৱালী বিচাৰি পোৱাটো এটা অতি কঠিন কাম। কিয়নো দেশখনত মহিলাৰ অনুপাত পুৰুষৰ সংখ্যা বহু কম। আৰু ইয়াৰ সুযোগলৈয়ে চীনৰ এগৰাকী ৩৫ বছৰীয়া ব্যক্তিৰ সৈতে এগৰাকী মহিলাই যিকৰিছিল, সেয়া শুনিলে আচৰিত হৈ পৰিব আপুনি! এক কথাত এই ঘটনা চিনেমাৰ কাহিনীতকৈ কোনো গুণে কম নহয়।
চীনৰ মংগোলিয়াত বাস কৰা এজন ব্যক্তিয়ে বিয়াৰ বাবে এজন ঘটকৰ সহায় বিচাৰিছিল। ঘটকে ব্যক্তিজনক 'ইনা' নামৰ এজনী ছোৱালীৰ সৈতে পৰিচয় কৰাই দিছিল । কেইটামানদিন ভিডিও কলত কথা পতৰ পিছত দুয়ো ইজনে আনজনৰ প্ৰেমত পৰে আৰু বিবাহ পাশত আবদ্ধ হয়। কিন্তু তাৰ পিছত যি হ'ল, সেয়া আছিল স্বামীৰ বাবে কল্পনাৰো অতীত!
দৰাচলতে দুয়োৰে বিবাহ পৰম্পৰাগত ধৰণে কৰা হৈছিল, নাছিল কোনো আনুষ্ঠানিকতা। বিবাহৰ বাবে প্ৰেমিকা তথা কইনা ইনা মংগোলিয়ালৈ আহে। দৰাৰ পৰিয়ালৰ লোকে ইনাৰ পৰিয়ালক লগ কৰিব বিচাৰিছিল যদিও নানা অজুহাত দেখুৱাই বিষয়টো এৰাই চলে ইনাই।ঘটকজনে দুয়োৰে মাজত পৰম্পৰাগত ধৰণে বিয়া কৰাই দিয়ে আৰু কয় যে, যেতিয়া ছোৱালীজনীৰ পৰিয়ালৰ অসুবিধা অলপ হ্ৰাস পাব, তেতিয়া তেওঁলোকে বিবাহৰ আনুষ্ঠানিকতা কৰিব।
কিন্তু বিবাহৰ পিছৰ পৰাই যেন মন সলনি হয় ইনাৰ! কাৰণ তেওঁ বেছিভাগ সময় নিজৰ মাকৰ ঘৰতেই থাকিছিল। প্ৰথমে ব্যক্তিজনে ইয়াক লৈ সন্দেহ কৰা নাছিল যদিও যেতিয়া দীৰ্ঘদিন ধৰি এনে হৈছিল, তেতিয়া তেওঁ পত্নীক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল। মাকৰ ঘৰলৈ যোৱা পত্নীৰ অনুপস্থিতিত এদিন ব্যক্তিজনে এটা ভিডিঅ' নেটৱৰ্কিং ছাইট চাই থাকোতে ওলাই পৰিল উৰহি গছৰ ওৰ! ভিডিও দেখি হতবাক হৈ পৰে স্বামী। কাৰণ সেই ভিডিওটোত তেওঁৰ পত্নীক আন ব্যক্তিৰ সৈতে বিয়া হোৱা দেখা গৈছিল।
পত্নীৰ এনে প্ৰতাৰণাৰ কাণ্ড দেখি ব্যক্তিগৰাকীয়ে পত্নীৰ দ্বিতীয় স্বামীক লগ কৰি সকলো কথা কয় আৰু আৰক্ষীক এই বিষয়ে অৱগত কৰে। আৰু আৰক্ষীৰ অনুসন্ধানত স্পষ্ট হৈ পৰে যে, ইনা কেৱল তেওঁৰ লগতে নহয়, ১৯জন পুৰুষৰ সৈতে গোপনে বিবাহ পাশত আবদ্ধ হৈছে। আৰু এই কামত ঘটকজনে সহায় কৰি আহিছে ইনাক ।
Published by: Himangshu Bhuyan
First published: June 04, 2021, 15:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|