ষ্টাণ্ট দেখুৱাবলৈ গৈ জ্বলি গ’ল ৭৫ লাখ টকাৰ মাৰ্চিডিজ, চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:January 25, 2021, 6:40 PM IST
ষ্টাণ্ট দেখুৱাবলৈ গৈ জ্বলি গ’ল ৭৫ লাখ টকাৰ মাৰ্চিডিজ, চাওক ভিডিঅ’
এজন লোকে দুই আৰোহীক লৈ পথৰ ভিৰৰ মাজতে হঠাৎ ষ্টাণ্ট কৰাৰ চেষ্টা চলায়। কিন্তু সেই সময়তে গাড়ীখন জ্বলি উঠে।

এজন লোকে দুই আৰোহীক লৈ পথৰ ভিৰৰ মাজতে হঠাৎ ষ্টাণ্ট কৰাৰ চেষ্টা চলায়। কিন্তু সেই সময়তে গাড়ীখন জ্বলি উঠে।

  • Share this:
বাইক, চাইকেল বা গাড়ীৰ ষ্টাণ্ট আপুনি নিশ্চয় দেখিছে। যিয়ে বহু সময়ত ভয়ংকৰ পৰিণতি মাতি আনে। মৃত্যু পৰ্যন্ত হ’ব পাৰে। ৰোড ছেফটিক লৈ বহু পদক্ষেপ হাতত লোৱা হৈছে যদিও বহু ঠাইত পৰিস্থিতিৰ কোনো শুধৰণি হোৱা নাই। আৰু সেই পথত ভৰি দিয়ে ছিডনীৰ এজন লোকে হেৰুৱালে নিজৰ মাৰ্চিডিজ বেঞ্জৰ গাড়ী।

ছিডনীৰ চেষ্টাৰ হিলৰ ঘটনা এয়া। এজন লোকে দুই আৰোহীক লৈ পথৰ ভিৰৰ মাজতে হঠাৎ ষ্টাণ্ট কৰাৰ চেষ্টা চলায়। কিন্তু সেই সময়তে গাড়ীখন জ্বলি উঠে। কেমেৰাৰ সন্মুখতে সংঘটিত হয় এই ঘটনাটো।



জুই লগাৰ লগে লগে ওচৰতে থকা লোকসকলে চিঞৰ–বাখৰ কৰিবলৈ লয়। তাৰ পিছতে গাড়ীৰ পৰা ওলাই আহে চালকসহ তিনিওজন লোক। কোনো লোকৰ ক্ষতি নহ’লেও ৭৫ লাখ টকীয়া গাড়ীখন জ্বলি যায় এই ঘটনাত।
Published by: Sanjay Kumar Das
First published: January 25, 2021, 6:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি