মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»কোৰোনা ভাইৰাছ বিয়পোৱাৰ অপৰাধত ভিয়েটনামৰ লোকক বিহিলে ৫ বছৰৰ কাৰাদণ্ড

কোৰোনা ভাইৰাছ বিয়পোৱাৰ অপৰাধত ভিয়েটনামৰ লোকক বিহিলে ৫ বছৰৰ কাৰাদণ্ড

News18 Assam | News18-Assam
Updated:September 7, 2021, 8:24 PM IST
কোৰোনা ভাইৰাছ বিয়পোৱাৰ অপৰাধত ভিয়েটনামৰ লোকক বিহিলে ৫ বছৰৰ কাৰাদণ্ড
ভিয়েটনামৰ এখন আদালতে এজন নাগৰিকক প্ৰদান কৰিছে এই শাস্তি।

ভিয়েটনামৰ এখন আদালতে এজন নাগৰিকক প্ৰদান কৰিছে এই শাস্তি।

  • Share this:

কোভিড নীতি মতে কোৱাৰেণ্টাইন নোহোৱা এগৰাকী লোকক বিহা হ'ল ৫ বছৰৰ কাৰাদণ্ড। ভিয়েটনামৰ এখন আদালতে এজন নাগৰিকক প্ৰদান কৰিছে এই শাস্তি। কোৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকগৰাকীক পাঁচ বছৰৰ কাৰাদণ্ড বিহাৰ কাৰণো অৱশ্যে গুৰুতৰ।


সংবাদ সংস্থা এএফপিৰ মতে, আন এখন প্ৰদেশলৈ গৈ লোকজনে কোৱাৰাণ্টাইন নিয়ম অনুসৰণ কৰা নাছিল। ফলত তেওঁৰ জৰিয়তে কিছু সংখ্যক লোক কোৰোনাৰ দ্বাৰা সংক্ৰমিত হয় আৰু ইয়াৰে এজনৰ মৃত্যুপৰ্যন্ত হয়।


দণ্ডিত ব্যক্তিজন লে ভান ট্ৰি বুলি উল্লেখ কৰা হৈছে। তেওঁ যোৱা জুলাইত হো চি মিন চহৰৰ পৰা কা মাউ প্ৰদেশলৈ গৈছিল। সেই সময়ত কোৰোনা হটস্পট আছিল হো চি মিন চিটি। আদালতৰ প্ৰতিবেদন অনুসৰি, ২৮ বছৰীয়া যুৱকজনে কা মাউলৈ গৈ ২১ দিনৰ বাবে কোৱাৰেণ্টাইনত থকাটো আছিল নিয়ম। কিন্তু তেওঁ এই নিয়ম ভংগ কৰি ঘূৰি ফুৰিছিল।



৭ জুলাইত তেওঁ কোৰোণাত আক্ৰান্ত বুলি নিশ্চিত কৰা হয়। আদালতৰ প্ৰতিবেদন মতে, মানুহজনৰ কাৰণে বহু লোক কোৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। ৭ আগষ্টত তেওঁৰ বাবে সংক্ৰমিত এগৰাকী লোকৰ মৃত্যুও হয় কা মাউত।


উল্লেখ্য, কোৰোনা ভাইৰাছক লৈ ভিয়েটনামে অতি সচেতনত প্ৰদৰ্শন কৰা দেখা গৈছে। ইয়াৰ আদালতে কেইবাজনো লোকক ক'ভিড নিষেধাজ্ঞা ভংগ কৰা বাবে কঠোৰ শাস্তি বিহা দেখা গৈছে। ইয়াৰ আগতে জুলাই মাহত হাই ডঙৰ নামৰ এজন ৩২ বছৰীয়া ব্যক্তিক ডেৰ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল আৰু যোৱা মাৰ্চ মাহত এখন বিমানৰ এজন বিমান সেৱকক দুবছৰৰ কাৰাদণ্ড দিয়া হৈছিল। উল্লেখ্য, কোৰোনা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণত ৰখাৰ বাবে ভিয়েটনামক যোৱাবছৰ প্ৰশংসা কৰা হৈছিল।

Published by: Gautam Barman
First published: September 7, 2021, 5:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি