உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • প্লাষ্টিকৰ বটলত যৌনাংগ সোমোৱাই বিপদত পৰিল যুৱক, দুমাহৰ পিছত কাষ চাপিল চিকিৎসকৰ

    প্লাষ্টিকৰ বটলত যৌনাংগ সোমোৱাই বিপদত পৰিল যুৱক, দুমাহৰ পিছত কাষ চাপিল চিকিৎসকৰ

    মেডিকেল এক্সপৰ্টে এই কেচটো ইণ্টাৰনেচনেল জৰ্নেল অব চাৰ্জাৰী কেচ ৰিপৰ্টত পাব্লিচ কৰে।

    মেডিকেল এক্সপৰ্টে এই কেচটো ইণ্টাৰনেচনেল জৰ্নেল অব চাৰ্জাৰী কেচ ৰিপৰ্টত পাব্লিচ কৰে।

    মেডিকেল এক্সপৰ্টে এই কেচটো ইণ্টাৰনেচনেল জৰ্নেল অব চাৰ্জাৰী কেচ ৰিপৰ্টত পাব্লিচ কৰে।

    • Share this:
    পৃথিৱীত আছে বহু আজৱ আজৱ লোক। একাংশই এনে কিছুমান কাণ্ড কৰে, যি দেখিলে বা জানিলে আচৰিত হৈ পৰে সকলো। এনেধৰণৰ ঘটনা ঘটাই নিজৰো বিপদ মাতি আনে বহুতে। শাৰীৰিক সুখৰ বাবে এগৰাকী ব্যক্তিয়ে কৰিলে আজৱ কাণ্ড। লোকজনে এটা প্লাষ্টিক বটলৰ ভিতৰত ভৰাই দিলে নিজৰ যৌনাংগ। আৰু পিছত বটলৰ পৰা নিজৰ প্ৰাইভেট পাৰ্ট উলিয়াব নোৱাৰি ডাক্তৰৰ ওচৰ চাপিবলগীয়া হয়। ঘটনাটো সংঘটিত হৈছে নেপালত।

    প্ৰায় দুমাহ ধৰি প্লাষ্টিকৰ বটলটো লাগি থাকে নিজৰ যৌনাংগত। ফলত অত্যন্ত বিষ অনুভৱ কৰিছিল লোকজনে। প্ৰথমে  ডাক্তৰেও লোকজনৰ অৱস্থা দেখি চিন্তাত পৰিছিল।

    দৰাচলতে, প্ৰাইভেট পাৰ্টত প্লাষ্টিকৰ বটল প্ৰায় এমাহ ধৰি সোমাই আছিল। যাৰ ফলত তেজৰ চলাচল হোৱ নাছিল। লোকজনক এতিয়া মানসিক ৰোগী হিচাপে গণ্য কৰা হৈছে। লোকজনে পূৰ্বতেও এনেদৰে নিজৰ যৌনাংগ প্লাষ্টিক বটলত সোমোৱাই দিছিল।

    ৰিচাৰ্ছৰ বাবে অন্তৰ্ভুক্ত হল ঘটনাটোঃ

    মেডিকেল এক্সপৰ্টে এই কেচটো ইণ্টাৰনেচনেল জৰ্নেল অব চাৰ্জাৰী কেচ ৰিপৰ্টত পাব্লিচ কৰে। এই ষ্টাডীৰ নাম Penis Strangulation with a plastic bottleneck দিয়া হৈছে।এই ৰিপৰ্টৰ লীড অথৰ নেপালৰ B.P. Koirala Institute of Health Sciences ৰ দুৰ্গা নুপান। তেওঁ নিজৰ ষ্টাডীত কৈছে যে, এনে একাংশ মানসিক ৰোগী আছে যি, চেক্স ৰিলেটেড থ্ৰীল বিচাৰি থাকে। আৰু ইয়াৰ ফলতে যিকোনো ধৰণৰ বস্তু নিজৰ যৌনাংগত ভৰাই দিয়ে। প্ৰায়ে এনে লোকে মেটেলিক সামগ্ৰী ব্যৱহাৰ কৰে। প্ৰাইভেট পাৰ্টত লাগি ধৰাৰ পিছত চাৰ্জাৰীৰ জৰিয়তে বাহিৰ কৰা হয়।
    Published by:Himangshu Bhuyan
    First published: