নৃশংসতাৰ যেন চূড়ান্ত সীমা অতিক্ৰম কৰিলে। এগৰাকী যুৱতীক হত্যা কৰি কলিজা উলিয়াই আনিলে এজন যুৱকে। আৰু সেই কলিজা কাটি আলুৰ সৈতে ভাজি যুৱকজনে নিজেও খালে আৰু পৰিয়ালৰ লোককো খোৱালে।
বৃহস্পতিবাৰে এই ঘটনাটো সংঘটিত হৈছে অক্লাহোমৰ চিকাস চহৰত। যুৱক জনৰ নৃশংসতা আৰু বর্বৰতা ইমানতেই ক্ষান্ত থকা নাই। যুৱকজনে আনকি নিজৰ ককাক, আইতাক আৰু ৪ বছৰীয়া ভতিজাককো আক্ৰমণ কৰে।
অক্লাহোমৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই জনোৱা মতে, অভিযুক্ত লৰেঞ্চ পল এণ্ডাৰছনে তেওঁৰ প্ৰতিৱেশী অন্দ্ৰীয়া লিন ব্লেনকেংশিপক হত্যা কৰি কলিজা উলিয়াই আনি আলু সৈতে আঞ্জা ৰান্ধে। আৰু সেইদিনাই ঘৰলৈ ঘূৰি অহা নিজৰ ককাক আৰু ৪ বছৰীয়া ভতিজাকক আক্ৰমণ কৰে। এই কাৰ্যত বাধা দিবলৈ যোৱা আইতাককো চুৰিৰে আঘাত কৰে লৰেঞ্চে।
পিছত সৌভাগ্যক্ৰমে ককাক, আইতাক আৰু ভতিজাক পলাই গৈ আৰক্ষী থানাত উপস্থিত হয়। ইয়াৰ পিছতেই তদন্তকাৰী সংস্থা ঘটনাস্থলীত উপস্থিত হয় আৰু গ্ৰপ্তাৰ কৰে যুৱকজনক।
যুৱকজনে ড্ৰাগছ সেৱন কৰি এনে কৰে বুলি জানিব পৰা গৈছে।ইতিমধ্যে আৰক্ষীৰ ওচৰত নিজৰ দোষ স্বীকাৰ কৰিছে যুৱকজনে। বৰ্তমান যুৱকজনক চিকিৎসা কৰি জে'ললৈ প্ৰেৰণ কৰিছে তদন্তকাৰী সংস্থাই।
Published by: Himangshu Bhuyan
First published: February 27, 2021, 21:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|