৫৬ বছৰীয়া ইয়ানে (Ian) কেটমাণ্ডো (Catmando) তেওঁৰ উপাধি হিচাপে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। এই মেকুৰী (Cat) বোৰৰ লগত থকাৰে পৰা তেওঁ মৃগীৰোগ (epilepsy)ৰ পৰা উপশম পোৱাত সহায় পাইছে।
৫৬ বছৰীয়া ইয়ানে (Ian) কেটমাণ্ডো (Catmando) তেওঁৰ উপাধি হিচাপে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। এই মেকুৰী (Cat) বোৰৰ লগত থকাৰে পৰা তেওঁ মৃগীৰোগ (epilepsy)ৰ পৰা উপশম পোৱাত সহায় পাইছে।
পোহনীয়া জন্তু ৰখা লোকসকলৰ প্ৰাণটোৰ আধা তেওঁলোকৰ পোহনীয়া জন্তু (Pet Animals)টোটেই সোমাই থাকে। অৱশ্যে, যুক্তৰাজ্য (United Kingdom)ত বাস কৰা ইয়ান (Ian) নামৰ লোকজনে এটা বা দুটা নহয়, ৭০টা পোহনীয়া মেকুৰীৰ সৈতে বাস কৰে। তেওঁ নিজকে কেটমাণ্ডো (Catmando) বুলি পৰিচয় দিয়ে। ৭০টা মেকুৰীৰ সৈতে তেওঁ এটা সৰু ঘৰত বাস কৰে। অৱশ্যে তেওঁৰ এনেধৰণৰ জীৱনশৈলীয়ে তেওঁৰ চুবুৰীয়াসকলৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে।
মিৰ'ৰ (Mirror)ৰ এক ৰিপোৰ্ট মতে, ৫৬ বছৰীয়া ইয়ানে (Ian) কেটমাণ্ডো (Catmando) তেওঁৰ উপাধি হিচাপে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। এই সম্পৰ্কে ইয়ানে কয় যে তেওঁৰ মৃগীৰোগ (epilepsy) আছিল আৰু এই মেকুৰীবোৰৰ লগত থকাৰে পৰা তেওঁ মৃগীৰোগৰ পৰা উপশম পোৱাত সহায় পাইছে। ইয়ানে এইটোও দাবী কৰে যে তেওঁৰ এই মেকুৰীবোৰে তেওঁৰ দৰেই মৃগীৰোগত আক্ৰান্ত আন ৰোগীসকলকো সহায় কৰিব পাৰিব।
চুবুৰীয়া আৰু যাত্ৰীসকলৰ বাবে সমস্যা :
কেটমাণ্ডো (Catmando)ৱে তেওঁৰ মেকুৰীবোৰৰ সৈতে দৈনিক ওচৰ-পাজৰৰ ঠাইবোৰলৈলৈ খোজ কাঢ়িবলৈ ওলাই যায়। তেওঁলোক এনেদৰে ওলাই আহিলে বাটৰুৱা আৰু চুবুৰীয়াসকলৰ ভীষণ সমস্যা হয়। ইয়ানে মেকুৰীবোৰৰ সৈতে থাকিবলৈ ঘৰৰ চাদত এটা সৰু ঘৰ নিৰ্মাণ কৰি লৈছে আৰু মেকুৰীবোৰ যাতে বাহিৰলৈ যাব নোৱাৰে তাৰ বাবে চিকেন ওয়াৰ আৰু অন্য তাঁৰেৰে সুন্দৰকৈ বেৰা দি লৈছে। পশু প্ৰেমীসকলে ইয়ানৰ এনে কাৰ্য্যৰ বাবে আপত্তি দৰ্শাই কয় যে মেকুৰীবোৰক ইমান কম ঠাইত আবদ্ধ কৰি ৰখা আৰু সিহঁতক বাহিৰলৈ যাবলৈ নিদিয়াটো অত্যাচাৰৰ দৰে হৈছে। অৱশ্যে, কেটমাণ্ডোৱে তেওঁলোকৰ এই প্ৰতিবাদক পোনচাটেই নাকচ কৰিছে, কাৰণ ইয়ানে মেকুৰীৰ সৰু সৰু গোট বনাই সিহঁতক নিয়মিত ঘৰৰ চৌহদৰ বাহিৰলৈ ফুৰিবলৈ বা খোজ কাঢ়িবলৈ লৈ যায়।
মেকুৰীয়ে মৃগীৰোগৰ চিকিৎসা কৰিব পাৰে :
কেটমাণ্ডোৱে তেওঁৰ পক্ষ ৰাখি কয় যে মানুহে মোক দোষাৰোপ কৰিব নোৱাৰে, কিয়নো ই সম্পূৰ্ণ ভুল। একাংশ চুবুৰীয়াই কয় যে মেকুৰীকেইটাই কাকো আমনি নকৰে, কিন্তু বেছিভাগ চুবুৰীয়াই মেকুৰীবোৰক ৰুষ্ট আৰু এই মেকুৰীবোৰক মুক্ত কৰি দিব লাগে বুলি কয় বহুতেই। উল্লেখ্য যে মৃগীৰোগ হোৱাৰ সময়তে কেটমাণ্ডোৱে এই মেকুৰীবোৰ লৈ ঘৰৰ চাদত এটা সৰু ঘৰ বনাই থাকিবলৈ আৰম্ভ কৰিছিল। ইয়ানে দাবী কৰে যে এই মেকুৰীবোৰে এতিয়া মৃগীৰোগৰ বিষয়ে বহু কথা বুজি পায়। মেকুৰীবোৰে ইতিমধ্যে মৃগী চিজাৰ আৰম্ভ হোৱাৰ আগতেই ৰোগীক চিনাক্ত কৰি যথোপযুক্ত সহায় কৰিব পাৰে। তেওঁ কয়, মেকুৰীবোৰ থকাৰ বাবে তেওঁৰ ঘৰখন অনবৰতে গৰম হৈ থাকে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|