ভেলেণ্টাইন ডে’ত ৰেষ্টুৰেণ্টৰ মেনু ভুলকৈ পঢ়ি পকেট খালী হ’ল প্ৰেমিকৰ, সুৰা অৰ্ডাৰ কৰোতে কৰিলে গোলমাল

সুৰা অৰ্ডাৰ কৰিবলৈ গৈ মেন্যু ভুলকৈ পঢ়ি লটি-ঘটি হ'ল এই যুৱকজনৰ। বিল দেখি আচৰিত হৈ পৰিলে যদিও একো নাই বুলি সামৰিলে সকলো কথা।
সুৰা অৰ্ডাৰ কৰিবলৈ গৈ মেন্যু ভুলকৈ পঢ়ি লটি-ঘটি হ'ল এই যুৱকজনৰ। বিল দেখি আচৰিত হৈ পৰিলে যদিও একো নাই বুলি সামৰিলে সকলো কথা।
- News18 Assam
- Last Updated: February 17, 2021, 5:56 PM IST
ভেলেন্টাইন ডে'ৰ দিনাখনেই প্ৰেমিকাক লগত লৈ ভালকৈ আহাৰ গ্ৰহণৰ লগতে অলপ সুৰা গ্ৰহণৰ লক্ষ্যৰে ওলাই গৈছিল এজন যুৱকে। কিন্তু বিল দেখি চকু কঁপালত উঠিল। বিগত দুবছৰ ধৰি জাপানতেই থকা যুৱকজনে বিশেষ দিনটোত সুন্দৰকৈ ৰেস্তোৰালৈ গৈ অৰ্ডাৰ কৰিছিল বিশেষ আহাৰ।
লগতে সুৰাও বিচাৰিছিল তেওঁলোকে। সুৰাৰ বাবে যুৱকজনে ৰেস্তোঁৰাখনৰ এজন ৱেটাৰক পৰামৰ্শ দিবলৈ কৈছিল যে কি সুৰা তেওঁলোকে উপভোগ কৰা উচিত। কিন্তু তেনেতে তেওঁলোকে বাছনি কৰিলে ২০১৩ এমুচে বুচেৰ বটল টো কিয়নো তেওঁলোকে ভাবিছিল ৱেটাৰজনে পৰামৰ্শ দিয়া সুৰাৰ বটলবোৰ অধিক মূল্যৰ হ'ব।
পাচত ৰেডিটত যুৱকজনে এই ঘটনা শ্বেয়াৰ কৰি লিখিছিল "আজি প্ৰায় দুবছৰ ধৰি মই জাপানত আছো আৰু বিগত ছমাহ মই এগৰাকী ছোৱালী চাই আছো। আজি ভেলেন্টাইন ডে উপলক্ষে মই এখন ৰেস্তোৰাত আমাৰ বাবে আহাৰৰ অৰ্ডাৰ কৰিছিলো। সাধাৰণ দিনৰ দৰে নহয় , সস্তীয়া বস্তু গ্ৰহণত মোৰ আপত্তি নাই। কিন্তু আজি বিশেষ দিনটো বিশেষ ধৰণে উদযাপনৰ বাবে আমি ভালদৰে সাজ-পোচাক পিন্ধি, ভালকৈ আহাৰৰ বাবে ওলাই গৈছিলো। আৰু ৰোমান্টিক নিশাৰ আহাৰৰ বাবে আমি এটা সুৰাৰ বটলো অৰ্ডাৰ কৰিছিলো। আমাৰ ৱেটাৰজনে গৈ লৈ আনিছিল সুৰাৰ মেন্যুখন তেওঁৰ আমাক ১৬০ পাউণ্ড মূল্যৰ সুৰাবোৰ দেখুৱাবলৈ লৈছিল। কিন্তু মই তাক দেখুৱাই দিছিলো ৮০ পাউণ্ডৰ মূল্যৰ বটল। তেতিয়া তেওঁ কৈছিল এইটো ভাল ছাৰ। আমি সেইটো সুৰা বটলটো অৰ্ডাৰ কৰিলো। কিন্তু দৰাচলতে সুৰাৰ বটলটো আছিল অত্যাধিক মূল্যৰ।"
তেওঁ লগতে লিখিছিল "মোৰ প্ৰেমিকাই ১০ মিনিট পাচত সুৰা অৰ্ডাৰ প্ৰক্ৰিয়াটোক লৈ হাঁহিছিল, ফুৰ্টি কৰি আছিল, মই ভাৱিছিলো তাই মোৰ ওপৰত হাঁহিছে মই সস্তীয়া সুৰা অৰ্ডাৰ কৰাৰ বাবে "।
লগতে তাই কৈছিল তাই ভাবিছিল যে এই সুৰাৰ বটলটোৰ মূল্য ৮০,০০০ ইয়েন হয় ৮০,০০০ ডলাৰ নহয়।
ৰেডিটত এই অনুভৱ ব্যক্ত কৰাৰ পাচতে যুৱকজনৰ প'ষ্টত এজনে পৰামৰ্শ দিছে এনেদৰে "যি হ'লেও ইয়াৰ সোৱাদ ভাল আছিল আৰু আপুনি এনে ভুল দ্বিতীয়বাৰৰ বাবে নকৰিব "
সঁচাকৈয়ে এই ভুলে তেওঁক বিপদত পেলোৱা নাই যদিও আপুনি কিন্তু পৰিব পাৰে বিপদত | সেয়েহে সাৱধান হৈ থাকিব।