মাত্ৰ ১ ছেকেণ্ডৰ বাবে মৃত্যুমুখৰ পৰা বাচিল এজন লোক, চাওক সেই শ্বাসৰুদ্ধকৰ VIDEO

News18-Assam
Updated:November 5, 2019, 5:20 PM IST
মাত্ৰ ১ ছেকেণ্ডৰ বাবে মৃত্যুমুখৰ পৰা বাচিল এজন লোক, চাওক সেই শ্বাসৰুদ্ধকৰ VIDEO
দেওবাৰে সন্ধিয়া কলিছিয়াম ষ্টেচনত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

দেওবাৰে সন্ধিয়া কলিছিয়াম ষ্টেচনত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

  • Share this:
এটা গাৰ নোম শিয়ৰি উঠা ভিডিঅ’। দ্ৰুতবেগত ষ্টেচনৰ ফালে আহি আছে এখন ৰে’ল। ষ্টেচন পোৱাৰ আগমুহূৰ্তত হঠাৎ প্লেটফৰ্মৰ পৰা ৰে’লাইনত পৰিল এজন লোক। জীৱন আৰু মৃত্যুৰ মাজত মাত্ৰ কেইটামান ছেকেণ্ড।

সেই সময়তে প্লেটফৰ্মত উপস্থিত আছিল এজন ৰে’লকৰ্মী। ৰে’লকৰ্মীজনে দেখিলে যে লোকজন বিপজ্জনকভাৱে ৰে’ললাইনত পৰি গৈছে। তৎপৰতাৰে ৰে’লকৰ্মীজনে লোকজনক ৰে’ল লাইনৰ পৰা উঠাই অনাৰ চেষ্টা কৰে। ৰে’লখন লোকজনৰ ওপৰেৰে উঠি যোৱাৰ কেইটামান ছেকেণ্ডৰ আগত লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ৰে’লকৰ্মীজন।


এই শ্বাসৰুদ্ধকৰ ভিডিঅ’টো কেলিফৰ্ণিয়াৰ বে এৰিয়া ৰেপিড ট্ৰানজিটৰ। সংক্ষেপত BART বোলা হয়। দেওবাৰে সন্ধিয়া কলিছিয়াম ষ্টেচনত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading