মনে মনে প্ৰেমিকাক লৈ ইটালীলৈ যোৱা ব্যক্তি কৰোণাত আক্ৰান্ত, পত্নীয়ে নাজানে কেনেকৈ আক্ৰান্ত হ'ল স্বামী!

News18 Assam | News18-Assam
Updated:March 19, 2020, 11:40 AM IST
মনে মনে প্ৰেমিকাক লৈ ইটালীলৈ যোৱা ব্যক্তি কৰোণাত আক্ৰান্ত, পত্নীয়ে নাজানে কেনেকৈ আক্ৰান্ত হ'ল স্বামী!
লোকজনে প্ৰকাশ কৰা মতে, তেওঁৰ ইটালী ভ্ৰমণৰ কথা নাজানে পত্নীয়ে। পত্নীয়ে ভাবিছে যে তেওঁ বিজনেছ ট্ৰিপলৈহে গৈছে।

লোকজনে প্ৰকাশ কৰা মতে, তেওঁৰ ইটালী ভ্ৰমণৰ কথা নাজানে পত্নীয়ে। পত্নীয়ে ভাবিছে যে তেওঁ বিজনেছ ট্ৰিপলৈহে গৈছে।

  • Share this:
মনে মনে প্ৰেমিকাক লৈ ইটালীলৈ গৈ কোৰোণা ভাইৰাছত আক্ৰান্ত হ’ল এজন ব্যক্তি। আইছ’লেচন কক্ষত থকা স্বামী কেনেকৈ কোৰোণাত আক্ৰান্ত হ’ল সেই কথা গমেই নাপায় পত্নীয়ে। ঘটনাটো ব্ৰিটেইনৰ। পত্নীক মিছা মাতি প্ৰেমিকাৰ সৈতে ইটালীলৈ গৈ ফল ভুগিলে লোকজনে।

লোকজনক বৰ্তমান আইছ’লেচন কক্ষত ৰখা হৈছে। ৰিপ’ৰ্ট অনুসৰি, লোকজনে পত্নীক বিজনেছ ট্ৰিপত যাম বুলি মিছা কথা কৈ প্ৰেমিকাক লৈ ইটালীলৈ গৈছিল। ‘দ্য ছান’ৰ ৰিপ’ৰ্ট অনুসৰি নিজৰ দেহত কোৰোণা ভাইৰাছৰ লক্ষণ দেখাৰ পিছতে লোকজনে গোপন ইটালী ভ্ৰমণৰ কথা স্বাস্থ্য বিষয়াৰ আগত প্ৰকাশ কৰে। পিছত তেওঁৰ দেহত কোৰোণাৰ সংক্ৰমণ নিশ্চিত কৰে চিকিৎসকে।

লোকজনে চিকিৎসকৰ আগত প্ৰকাশ কৰে যে তেওঁৰ এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক আছে। অৱশ্য লোকজনে মহিলাগৰাকীৰ নাম প্ৰকাশ কৰিবলৈ অমান্তি হয়। বৰ্তমান মহিলাগৰাকীও নিজৰ ঘৰতে পৃথকে আছে।

লোকজনে প্ৰকাশ কৰা মতে, তেওঁৰ ইটালী ভ্ৰমণৰ কথা নাজানে পত্নীয়ে। পত্নীয়ে ভাবিছে যে তেওঁ বিজনেছ ট্ৰিপলৈহে গৈছে। অৱশ্যে লোকজনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি