দক্ষিণ কোৰিয়া (South Korea)ৰ এইজন লোকে পুৰণি ফ্ৰীজ এটা কিনাৰ পিছত ঘৰত চফা কৰি থকা সময়তে ফ্ৰীজটোত পালে ৯৬ লাখ টকা। দক্ষিণ কোৰিয়া (South Korea)ৰ এইজন লোকে পুৰণি ফ্ৰীজ এটা কিনাৰ পিছত ঘৰত চফা কৰি থকা সময়তে ফ্ৰীজটোত পালে ৯৬ লাখ টকা। অনলাইনত পুৰণি বস্তু কিনি (Online Shopping) পাইছেনে কেতিয়াবা, কিনা নাই যদি এতিয়াৰ পৰা কিনিবলৈ আপোনাৰো মন যাব পাৰে! কাৰণ পুৰণি ছেকেণ্ড হেণ্ড বস্তু এটাও আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে। বিশ্বাস কৰিবলৈ টান, কিন্তু এই বাতৰি পঢ়াৰ পিছত আপোনাৰ অবিশ্বাস কৰাৰো থল নাথাকিব!
দক্ষিণ কোৰিয়া (South Korea)ৰ এজন লোকে অনলাইনত কিনিছিল এটা পুৰণি ফ্ৰীজ (Refrigerator)। অইন বেলেগ লোকে যেনেকৈ কিনে তেৱো তেনেদৰেই কিনিছিল ফ্ৰীজটো। পিছে ফ্ৰীজটো কিনাৰ পিছত ফ্ৰীজটোত যি ওলাল তাকে দেখি হতভম্ব হৈ পৰিল লোকজন।
ফ্ৰীজটো কিনাৰ পিছত ঘৰত চাফা কৰি থকা সময়তে ফ্ৰীজটোত পালে ৯৬ লাখ (Money Under Fridge) টকা। অবিশ্বাস্য যেন লাগিলেও এই কথা সঁচা। ফ্ৰীজৰ তলৰ ফালে প্লাষ্টিকত মেৰিয়াই থোৱা আছিল ৯৬ লাখ টকা। টেপ লগাই টকাখিনি ফ্ৰীজৰ তলত কোনেও নেদেখাই লুকুৱাই থোৱা আছিল। মাত্ৰ কেইটামান টকাত পুৰণি ফ্ৰীজটো কিনি লাখপতি হ'ল লোকজন।
পিছে এই কথা পোহৰলৈ আহিল কেনেকৈ। মানুহজনে টকাখিনি উদ্ধাৰ কৰাৰ পিছতেই খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে টকাখিনি জব্দ কৰি লৈ যায় আৰু টকাৰ আতি-গুৰি বিচাৰি আৰম্ভ কৰে তদন্তৰ। ফ্ৰীজটোৰ বিক্ৰেতা, অনলাইন ছেলাৰ, আচল গৰাকী কোন কোন আছিল সকলো অনুসন্ধান কৰে আৰক্ষীয়ে। ডেলীভাৰী এজেণ্টৰো অনুসন্ধান কৰে আৰক্ষীয়ে।
মানুহজনে টকাখিনিৰ কথা আৰক্ষীক অৱগত কৰি সততাৰ পৰিচয় দিলে। তথাপি তেওঁ ইয়াৰ পৰা এটা অংশ পুৰস্কাৰ হিচাপে পোৱাৰ সম্ভাৱনা আছে। আনহাতে South Korean Lost and Found Act মতে যদি টকাৰ মালিকৰ শুংশুত্ৰ পোৱা নাযায় তেন্তে গোটেই টকাখিনি লোকজনে পাব, মাত্ৰ দিব লাগিব ২২ শতাংশ কৰ। অৱশ্যে যদি টকাখিনিৰ সৈতে যদি কোনো অপৰাধমূলক সংযোগ থাকে তেনেহ'লে গোটেই টকাখিনি আৰক্ষীয়ে জব্দ কৰিব।
Published by: Manjumoni Borah
First published: August 18, 2021, 00:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|