কাণৰ ভিতৰত পইতাচোৰা! এটা, দুটা নহয় একেলগে ১২ টা...

কাণৰ প্ৰচণ্ড বিষ অনুভৱ কৰাত চিকিৎসকে কাণৰ পৰা ওলিয়ালে ব্যক্তিজনৰ কাণৰ পৰা পইতাচোৰা

News18-Assam
Updated:November 10, 2019, 9:16 AM IST
কাণৰ ভিতৰত পইতাচোৰা! এটা, দুটা নহয় একেলগে ১২ টা...
কাণৰ প্ৰচণ্ড বিষ অনুভৱ কৰাত চিকিৎসকে কাণৰ পৰা ওলিয়ালে ব্যক্তিজনৰ কাণৰ পৰা পইতাচোৰা
News18-Assam
Updated: November 10, 2019, 9:16 AM IST
পুৱা শুই উঠি এগৰাকী ব্যক্তিয়ে অনুভৱ কৰিছে অসহ্য কাণৰ বিষ। কাণৰ বিষত লোকজনৰ কৰুণ আৰ্তনাদ! ঘৰৰ মানুহক কাণৰ ভিতৰখন চাবলৈ কোৱাত লোকজন নিশ্চিত হয় যে, তেওঁৰ কাণৰ ভিতৰত আছে পইতাচোৰা! লগে লগে চিকিৎসকৰ কাষ চাপে লোকজন।

ঘটনাটো সংঘটিত হৈছে চীনত। লোকজনৰ নাম এল ভি।  চিকিৎসকৰ কাষ চপাৰ পিছত পোহৰলৈ আহে প্ৰকৃত ৰহস্য। চিকৎসকে লোকজনৰ কাণত ধৰা পেলাই এটা দুটা নহয় একেলগে ১২ টা পইতাচোৰা। তাৰে ১০ টা পোৱালী পইতাচোৰা আৰু দুটা কিছু পৰিমাণে ডাঙৰ।

ফক্স নিউজে প্ৰকাশ কৰা বাতৰি অনুসৰি, এল ভিক পৰীক্ষা কৰা ডাঃ ঝং য়িজিনে কয় যে, ‘বহুদিন ধৰি পইতাচোৰাই বাস কৰি আছিল ব্যক্তিজনৰ কাণত। ফলত ’তেওঁৰ কাণখনৰ ভিতৰত বহু আঘাতৰ চিন আছে।’ কিন্তু সৌভাগ্য ক্ৰমে আটাইবোৰ পইতাচোৰা কাণৰ পৰা উলিওৱাৰ পিছত এতিয়া লাহে লাহে বিষৰ পৰা উপশম পাব ব্যক্তিগৰাকীয়ে।’

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি