‍বিমানৰ লেণ্ডিং গিয়েৰত লুকাই যাত্ৰা কৰিছিল ব্যক্তিয়ে, ৩৫০০ফুট ওপৰৰ পৰা সৰি পৰিল

কেনিয়া এয়াৰৱেজৰ ৭৮৭ বিমানখনে হিথ্ৰ’ বিমানবন্দৰত লেণ্ড কৰিবলৈ চকা তললৈ নমাইছিল তেতিয়াই ব্যক্তিজন তললৈ সৰি পৰিল। 

news18
Updated:July 2, 2019, 5:50 PM IST
‍বিমানৰ লেণ্ডিং গিয়েৰত লুকাই যাত্ৰা কৰিছিল ব্যক্তিয়ে, ৩৫০০ফুট ওপৰৰ পৰা সৰি পৰিল
কেনিয়া এয়াৰৱেজৰ ৭৮৭ বিমানখনে হিথ্ৰ’ বিমানবন্দৰত লেণ্ড কৰিবলৈ চকা তললৈ নমাইছিল তেতিয়াই ব্যক্তিজন তললৈ সৰি পৰিল। 
news18
Updated: July 2, 2019, 5:50 PM IST
লণ্ডনৰ ওপৰেৰে উৰা মৰা কেনিয়া এয়াৰৱেজৰ এজন ব্যক্তিৰ বিমানৰ পৰা তললৈ সৰি পৰাৰ ফলত মৃত্যু ঘটিছে। বিমানখন ৩৫০০ফুট ওপৰেৰে উৰি আছিল, তেনেতে ব্যক্তিজন এঘৰ মানুহৰ বাগিচাত সৰি পৰে। ওচৰত উপস্থিত থকা মানুহে এই দৃশ্য প্ৰত্যক্ষ কৰি শিঁয়ৰি উঠে। প্ৰৱাসী ব্যক্তিজনে কেনিয়া এয়াৰৱেজৰ লেণ্ডিং গিয়েৰত লুকাই যাত্ৰা কৰিছিল। শৰণাৰ্থীসকলে সাধাৰণতে বিমানত এনেকৈ লুকাই যাত্ৰা কৰে।

দেওবাৰৰ এই ঘটনাক্ৰমত কেনিয়া এয়াৰৱেজৰ ৭৮৭বিমানখনে হিথ্ৰ’ বিমানবন্দৰত লেণ্ডিং কৰিবৰ সময়ত চকা তললৈ নমাইছিল। সেই সময়তে ব্যক্তিজন তললৈ সৰি পৰে। আৰক্ষীয়ে বিমানখন অৱতৰণ কৰাৰ পিছত গিয়েৰ কম্পাৰ্টমেণ্টত এটা বেগ আৰু কিছু খোৱা সামগ্ৰী উদ্ধাৰ কৰে।

ঘৰৰ বাগিচাত উদ্ধাৰ মৃতদেহ

৩৫০০ ফুট ওপৰেৰে বিমানখন গৈ থকাৰ সময়তে তললৈ সৰি পৰা ব্যক্তিজন এঘৰ মানুহৰ বাগিচাত পৰেহি। বাগিচাৰ মালিকে মাত্ৰ তিনিফুট দূৰৈত সৰি পৰা ব্যক্তিজনৰ মৃতদেহ দেখি শিয়ৰি উঠে। তেওঁ ‘দ্য চান’ক দিয়া এক সাক্ষাত্কাৰত উল্লেখ কৰিছে যে তেওঁৰ ভাগ্য ভাল আছিল কাৰণে মৃতদেহটো তেওঁৰ ওপৰত নপৰিল। সেই সময়ত তেওঁ ৰ’দ পুৱাই আছিল।মৃতদেহটো ইমান জোৰেৰে সৰি পৰিছিল যে বাগিচাখনৰ মাটি ফাটি যোৱা দেখা যায়। আন এজন ব্যক্তিৰ মতে ঘৰৰ ভিতৰত শুই থকা অৱস্থাত প্ৰচণ্ড জোৰেৰে শব্দ হোৱাত তেওঁৰ চকু খোল খায়। বাহিৰত ওলাই দেখে এক মিটাৰ দূৰৈত এটা শৱ। সম্পূৰ্ণৰূপে ক্ষত–বিক্ষত হৈ পৰা মৃতদেহটো দেখি তেওঁ আতংকিত হৈ পৰে। দৈৱক্ৰমে কোনো ব্যক্তিৰ ওপৰত মৃতদেহটো নপৰিল বুলি স্বস্তি প্ৰকাশ কৰে প্ৰত্যক্ষদৰ্শীসকলে।

ঘৰৰ মালিকৰ মতে এজন প্ৰত্যক্ষদৰ্শীয়ে বিমানৰ পৰা কিবা সৰি পৰা দেখিছিল। নাইৰোবিৰ পৰা উৰা মৰা কেনিয়া এয়াৰৱেজৰ ফ্লাইটখন দেওবাৰে দুপৰীয়া প্ৰায় চাৰে তিনি বজাত ঘৰটোৰ কাষেৰে পাৰ হৈছিল। সেই সময়ত বিমানখনে লেণ্ডিঙৰ বাবে ২০০mph গতিবেগত ৩৫০০ ফুট ওপৰত টাৰ্ণ লৈছিল। ইমান ওপৰৰ পৰা ব্যক্তিজন সৰি পৰা বাবে তলৰ পৰা মানুহজনে মণিবই পৰা নাছিল যে আচলতে সেয়া মানুহ!
আৰু চাওক পৰৱৰ্তী বাতৰি