দেহোপজীৱিনীৰ সৈতে নিশা কটোৱা যুৱকৰ অকাল মৃত্যু, চিকিৎসকৰ মতে অতিপাত সংগমেই হ'ল কাল

ফাইল ফটো
দক্ষিণ-পূব আফ্ৰিকাৰ মালউইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘটনাই আচৰিত কৰি তুলিলে দুটা পক্ষক।
- News18 Assam
- Last Updated: January 28, 2021, 10:36 PM IST
দক্ষিণ-পূব আফ্ৰিকাৰ মালউইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘটনাই আচৰিত কৰি তুলিলে দুটা পক্ষক।ইয়াৰ ভিতৰত এটা হ'ল যুৱকৰ পৰিয়াল আৰু আনটো হ'ল পতিতালয়। জনা গৈছে যে, দেহোপজীৱিনীৰ সৈতে শাৰীৰিক সম্পৰ্কৰ কিছু সময়ৰ পিছত মৃত্যু মুখত পৰে এজন যুৱক।
যুৱকজনৰ নাম চাৰ্লছ মাজাওৱা। বয়স ৩৫ বছৰ। যুৱকজনে এখন পতিতালয়ৰ পৰা এগৰাকী সংগী পছন্দ কৰি আনি নিশা কটাইছিল এখন হোটেলত। আৰক্ষীক সেই মহিলাগৰাকীয়ে জনোৱা মতে, শাৰীৰিক সম্পৰ্কৰ অন্তত অধিক ভাগৰুৱা হৈ পৰে যুৱকজন আৰু মুখেৰে মাতিব নোৱাৰা হৈ পৰে।
ইয়াৰ পিছতে, এগৰাকী হেলথ একজামিনাৰক লগত লৈ হোটেলখনলৈ আহে এগৰাকী আৰক্ষী বিষয়া। আৰক্ষীয়ে সংগ্ৰহ কৰে মহিলাগৰাকীৰ ভাষ্য। সেইসময়তে হেলথ একজামিনাৰে পৰীক্ষা কৰে মৃতদেহটো। প্ৰাথমিক পৰীক্ষাৰ অন্তত অতিপাত সংগমেই যুৱকজনৰ মৃত্যুৰ কাৰণ বুলি জনাইছে হেলথ একজামিনাৰজনে।
আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান যুৱকজনৰ মৃতদেহ মৰ্গত ৰখা গৈছে। অতিপাত সংগমৰ ফলত যুৱকজনৰ হৃদস্পন্দন দ্ৰুত হৈ পৰে। লগতে ৰক্তনলীসমূহ ফুলি উঠে। পৰিণামত মস্তিষ্কৰ সিৰা ছিঙি যায় আৰু মৃত্যু হয়।