ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱালে পত্নীয়ে, ৩০ কিলোমিটাৰ খেদি খেদি স্বামীয়ে ধৰিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকক

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:55 PM IST
ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱালে পত্নীয়ে, ৩০ কিলোমিটাৰ খেদি খেদি স্বামীয়ে ধৰিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকক
৪৯ বছৰীয়া এণ্ডাৰচন এণ্টোনিও পিৰেৰা আৰু ৪৭ বছৰীয়া তেওঁৰ পত্নী চেন্দ্ৰাই মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত তীব্ৰ বেগী এখন ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে।

৪৯ বছৰীয়া এণ্ডাৰচন এণ্টোনিও পিৰেৰা আৰু ৪৭ বছৰীয়া তেওঁৰ পত্নী চেন্দ্ৰাই মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত তীব্ৰ বেগী এখন ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে।

  • Share this:
দক্ষিণ ব্ৰাজিলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। স্বামী-স্ত্ৰী মটৰচাইকেলেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা তীব্ৰ বেগেৰে অহা এখন ট্ৰাকে খুন্দা মাৰে। দুৰ্ঘটনাত থিতাতে নিহত হয় এণ্ডাৰচন এণ্টোনিঅ' পিৰেৰাৰ পত্নী ৪৭ বছৰীয়া  চেন্দ্ৰা। আৰু ইয়াৰ পিছতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন খৰিব খোজা ট্ৰাকৰ চালকক প্ৰায় ৩০ কিলোমিটাৰ খেদি খেদি ধৰে এণ্ডাৰচন এণ্টোনিঅ' পিৰেৰাই।

ঘটনা অনুসৰি,  শোকাহত এণ্টোনিঅ'ই দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা তীব্ৰবেগী ট্ৰাকখন ধৰিবলৈ ট্ৰাকৰ পিছে পিছে গৈ ট্ৰাকৰ চালকক ধৰিবলৈ সক্ষম হয়।  ইফালে দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হোৱা চান্দ্ৰাক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মূৰত গুৰুতৰ ভাবে আঘাত পোৱাৰ ফলত মৃত্যুক আঁকোৱালি লয়। আনহাতে এণ্ডাৰচনো দুৰ্ঘটনাত আহত হয় যদিও ট্ৰাকৰ চালকজনক ধৰিবলৈ তেওঁ সকলো পাহৰি গৈছিল।

ডেইলী মেইলৰ তথ্য অনুসৰি,  ৩৬ বছৰীয়া ট্ৰাক  চালকজেন গাড়ী চলোৱাৰ সময়ত ড্ৰাগছ সেৱন কৰি আছিল। ট্ৰাকখন ধৰিবলৈ সক্ষম হোৱাৰ পিছতে স্থানীয় একাংশ লোকে চালকজনক ৰাস্তালৈ টানি লৈ যায় আৰু আৰক্ষীক গটাই দিয়াৰ পূৰ্বে মাৰপিট কৰিবলৈ আৰম্ভ কৰে।  ইপিনে আৰক্ষী বিষয়া উলিয়াম চ'ৰেছ ডা চিলভাই সংবাদ মাধ্যমক জনোৱা তথ্য অনুসৰি, ট্ৰাকখনৰ ভিতৰত কোকেইন পোৱা গৈছিল।
Published by: Himangshu Bhuyan
First published: March 13, 2021, 1:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি