• Home
  • »
  • News
  • »
  • world
  • »
  • Viral Video : কলিজা কঁপাই তোলা এটা ভিডিঅ', ভিডিঅ'টো চাই নিজকে পৰীক্ষা কৰি চাব পাৰে আপুনি কিমান সাহসী!

Viral Video : কলিজা কঁপাই তোলা এটা ভিডিঅ', ভিডিঅ'টো চাই নিজকে পৰীক্ষা কৰি চাব পাৰে আপুনি কিমান সাহসী!

Viral Video : ভিডিঅ'টো  ইয়ৰনেচাৰগ্ৰাম (yournaturegram) নামৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছিল। এইটো এতিয়ালৈ লাখ লাখ মানুহে চাইছে।

Viral Video : ভিডিঅ'টো  ইয়ৰনেচাৰগ্ৰাম (yournaturegram) নামৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছিল। এইটো এতিয়ালৈ লাখ লাখ মানুহে চাইছে।

Viral Video : ভিডিঅ'টো  ইয়ৰনেচাৰগ্ৰাম (yournaturegram) নামৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছিল। এইটো এতিয়ালৈ লাখ লাখ মানুহে চাইছে।

  • Share this:
সাপ দেখিলে ভাল ভাল লোকৰো কলিজা কঁপি উঠে। পৃথিৱীত বহুতো প্ৰজাতিৰ সাপ (Species Of Snakes) পোৱা যায়। আপুনিও নিশ্চয় সৰুৰ পৰা ডাঙৰলৈ বহু সাপ দেখিছে, । সৰু সাপবোৰ বিষাক্ত হোৱাৰ বিপৰীতে ডাঙৰ সাপবোৰে (Dangerous Species Of Snakes) তেওঁলোকৰ চিকাৰক কুণ্ডলীত মেৰিয়াই ধৰি শ্বাসৰুদ্ধ কৰি হত্যা কৰে। সাপ আচলতে যি আকাৰৰেই নহওঁক ভয়ানক হয়। কিন্তু পৃথিৱীত কিছুমান মানুহ আছে যি নিজৰ শিশুৰ দৰেই এই বিপদজনক সাপবোৰক লালন-পালন কৰি ডাঙৰ কৰে।

হলীউডৰ জনপ্ৰিয়  চিনেমা  এনাকোণ্ডা (Anaconda Movie) আপুনি নিশ্চয় চাইছে। যেতিয়া স্ক্ৰীণত প্ৰকাণ্ড সাপডাল দেখা পায় ই বহুতৰে কলিজা কঁপাই তোলে। এই প্ৰকাণ্ড সাপবোৰে যিকোনো লোকক নিজৰ পাশত মেৰিয়াই ল'ব পাৰে আৰু সহজতে হত্যা কৰিব পাৰে। সিহঁতৰ কুণ্ডলী ইমান শক্তিশালী যে মানুহৰ হাড় গুৰি কৰি দিব পাৰে। কোনেও এই সাপবোৰৰ সন্মুখত পৰিব নিবিচাৰে। কিন্তু এজন লোকৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ই আপোনাৰ কলিজা কঁপাই তুলিব।

ভাইৰেল হোৱা এই ভিডিঅ'টোত এজন মানুহে কেইবাটাও দৈত্যকায় সাপৰ মাজত ধেমালি কৰি থকা দেখা গৈছে। সাপবোৰ মানুহজনৰ ওপৰত পৰিছিল, কিন্তু মানুহজনে ভয় কৰা নাছিল। ভিডিঅ'টোত মানুহজনক আৰামেৰে হাঁহি থকা দেখা গৈছে। চাওক ভিডিঅ'টো-



ভিডিঅ'টো  ইয়ৰনেচাৰগ্ৰাম (yournaturegram) নামৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছিল। এইটো এতিয়ালৈ লাখ লাখ মানুহে চাইছে। ভিডিঅ'টো এতিয়া অন্য ছচিয়েল মিডিয়া প্লেটফৰ্মতো শ্বেয়াৰ হৈছে। ভিডিঅ'টোত বহুলোকে মন্তব্য কৰিছিল। এজন ব্যক্তিয়ে লিখিছে, "পৰিস্থিতিটোৰ কথা ভাবি মোৰ আত্মা কঁপি উঠিছিল। মই নাজানোঁ এই মানুহজনে সাপবোৰৰ মাজত ইমান আৰামেৰে কেনেকৈ বাস কৰি আছে?" আপুনি ভিডিঅ'টো দেখি কেনেকুৱা অনুভৱ কৰিছিল?
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি