• Home
  • »
  • News
  • »
  • world
  • »
  • ন'ৰৱেৰ ৰাজপথত ধনু-কাৰ লৈ এজন লোকৰ তাণ্ডৱ, হত্যা কৰিলে ৫জন লোকক

ন'ৰৱেৰ ৰাজপথত ধনু-কাৰ লৈ এজন লোকৰ তাণ্ডৱ, হত্যা কৰিলে ৫জন লোকক

নৰৱে'ৰ ৰাজপথত ধনু কাৰেৰে এজন লোকে হত্যা কৰিলে ৫জনক। গুৰুতৰ ভাবে আহত কেইবাজনো।

নৰৱে'ৰ ৰাজপথত ধনু কাৰেৰে এজন লোকে হত্যা কৰিলে ৫জনক। গুৰুতৰ ভাবে আহত কেইবাজনো।

নৰৱে'ৰ ৰাজপথত ধনু কাৰেৰে এজন লোকে হত্যা কৰিলে ৫জনক। গুৰুতৰ ভাবে আহত কেইবাজনো।

  • Share this:
বুধবাৰে নিশা ন'ৰৱেৰ ৰাজপথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ধনু-কাৰেৰে সজ্জিত এজন লোকে হত্যা কৰে পাঁচজনকৈ লোকক। জানিব পৰা মতে, ইতিমধ্যে লোকজনক গ্ৰেপ্তাৰ কৰিছে দেশখনৰ আৰক্ষীয়ে।

কংছবাৰ্গ আৰক্ষীৰ চীফে জনোৱা মতে, বিষয়াসকলৰ সৈতে আক্ৰমণকাৰী লোকজন সংঘৰ্ষত লিপ্ত হৈছিল। কিন্তু সবিশেষ জনোৱা নাই ঘটনাৰ সন্দৰ্ভত। ইতিমধ্যে ঘটনাত আহত লোকসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আহতসকলৰ ভিতৰত আছে এজন আৰক্ষী বিষয়া। আনহাতে আক্ৰমণ কৰাৰ পিছত লোকজনে ওচৰৰে এখন দোকানত আত্মগোপন কৰিছিল। আৰক্ষীয় এতিয়া লোকজনক গ্ৰপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

'ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰী লোকজনক। আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ লগত অন্য কোনো লোক জড়িত নাই। হাতত পৰা তথ্য মতে, এইলোকজনেই জড়িত ঘটনাৰ লগত।'- এনেদৰে কয় আৰক্ষী চীফ অয়েং আছে।
Published by:Himangshu Bhuyan
First published: