ঘৰৰ ছাদত উল্কা, নিশাটোৰ ভিতৰতে ১০ কোটি টকাৰ মালিক দৰিদ্ৰ শ্ৰমিক

News18 Assam | News18-Assam
Updated:November 19, 2020, 11:28 PM IST
ঘৰৰ ছাদত উল্কা, নিশাটোৰ ভিতৰতে ১০ কোটি টকাৰ মালিক দৰিদ্ৰ শ্ৰমিক
ঘৰৰ ছাদত উল্কা পৰি ৰাতিটোৰ ভিতৰতে ১০ কোটি টকাৰ মালিক হ’ল দিন হাজিৰা কৰা এজন লোক।

ঘৰৰ ছাদত উল্কা পৰি ৰাতিটোৰ ভিতৰতে ১০ কোটি টকাৰ মালিক হ’ল দিন হাজিৰা কৰা এজন লোক।

  • News18 Assam
  • Last Updated: November 19, 2020, 11:28 PM IST
  • Share this:
কথাতে কয় নহয়, ‘দেনে ৱালে যব ভি দেতা, দেতা চপ্পড় ফাড় কে’- এই কথা শাৰীয়েই যেন সঁচা প্ৰমাণিত হ’ল ইন্দোনেছীয়াৰ এজন যুৱকৰ লগত। ঘৰৰ ছাদত উল্কাপিণ্ড পৰি ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল জোসুৱা হুটা গালুংগ নামৰ ৩৩ বছৰীয়া যুৱকজন।

জানিব পৰা মতে, উত্তৰ সুমাত্ৰাৰ কোলাংগৰ বাসিন্দা জোসুৱাই কফিন বনোৱাৰ কাম কৰে। ঘৰৰ কাষতে নিজৰ কামত ব্যস্ত হৈ আছিল যুৱকজন। সেই সময়তে আকাশৰ পৰা দ্ৰুতগতিত এটা উল্কা আহি যুৱকজনৰ ঘৰৰ টিন ভাঙি ভিতৰত পৰে।

স্থানীয় সংবাদ মাধ্যনক জোসুৱাই জনাই যে, বিকট শব্দ কৰি উল্কাটো ঘৰৰ ছাদত পৰে। গোটেই ঘৰ কঁপিছিল। উল্কা পৰাৰ পিছতে ঘৰৰ ছাদৰ বহু অংশত ক্ষয়-ক্ষতিও হয়। যেতিয়া উল্কাৰ কিছু অংশ হাতেৰে তুলি লৈছিল, তেতিয়া গৰম অনুভৱ কৰিছিল। পিছত ঘৰৰ ভিতৰলৈ লৈ আহে। ঠাণ্ডা হোৱাৰ পিছত স্থানীয় প্ৰশাসনক খবৰ দিয়ে যুৱকজনে।

পিছত পৰীক্ষা কৰি জনা যায় যে, সেইটো চাৰে চাৰি বিলিয়ন বছৰ পুৰণি উল্কাপিণ্ডৰ অংশ। যাৰ মূল্য প্ৰায় প্ৰতি গ্ৰামত ৮৫৭ ডলাৰ। অৰ্থাত্‍ উল্কাপিণ্ডটো বিক্ৰী কৰিলে ১০ কোটি টকা লাভ কৰিব জোসুৱাই। ইমান বৃহত্‍ পৰিমাণৰ ধন লাভ কৰাৰ কথা জানিব পাৰি এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে যুৱকজন।
Published by: Himangshu Bhuyan
First published: November 19, 2020, 11:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading