আমাৰ দেশত হোৱা হেতেনে ইমান সময়লৈতে মানুহে হাতত প্লে কাৰ্ড লৈ ৰাস্তালৈ ওলালে হেতেনে! এই আচৰিত ঘটনা সংঘটিত হৈছে স্কটলেণ্ডত। সম্প্ৰতি টুইটাৰত ষ্টিফেন নামৰ এজন ২৬ বছৰীয়া যুৱকে শ্বেয়াৰ কৰিছে এই পোষ্ট।
গ্লাছগোৰ এটি আৱাসিক এলেকাত থাকে ষ্টিফেন। কেই মাহমান পূৰ্বে সেই ঠাইলৈ আহিছিল যুৱকজন। কিন্তু কেইদিনমান পিছতে যুৱকজন লাভ কৰে এখন চিঠি। চিঠিখনত তেওঁক উদ্দেশ্য কৰি লিখিছে- 'এই ঘৰৰ ৱালবোৰ অত্যন্ত পাতল। এঘৰৰ শব্দ আনখন ঘৰলৈ সহজেই যায়। নিশা আপোনাৰ শাৰীৰিক সম্পৰ্কৰ শব্দ স্পষ্টকৈ শুনিবলৈ পোৱা গৈছে। গতিকে এই ক্ষেত্ৰত কিছু সাৱধান হ'ব। আমি বৰ বিৰক্তি অনুভৱ কৰিছো।' এই প্ৰসংগত ষ্টিফেনে কয় যে, 'আমাৰ কোনো প্ৰতিবেশীয়ে হয়টো এই চিঠিখন লিখিছে। কিন্তু তেওঁ কোন জানিব পৰা নাই। চিঠিখন পোৱাৰ পিছতে মই অতি লাজত পৰিছিলো।' ষ্টিফেনে কয় যে, 'তেওঁৰ প্ৰতিবেশী ভদ্ৰ লোক। গতিকে এনেকৈ চিঠি প্ৰেৰণ কৰি মোক সতৰ্ক কৰি দিছে। কোনো অপমান কৰা নাই।'
Not me waking up to a “have sex quieter” note from my neighbours ??? Mortified. pic.twitter.com/WmSDiCy5sE
— Stephen Cunningham ? (@STRCunningham) May 14, 2021
জনা গৈছে যে, নিজৰ প্ৰেমিকাৰ সৈতে এই ঘৰতে থাকে ষ্টিফেন। তেওঁলোকৰ বাবে প্ৰতিবেশীৰ নিশা টোপনি খটি হৈছে। গতিকে ভৱিষ্যতে এই বিষযটো মনত ৰাখিব। এই চিঠিখন টুইটাৰত শ্বেয়াৰ কৰাৰ লগে লগে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। বহুতে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।