বিৰল! Ultrasoundত গম পোৱা গৈছিল ৭টা সন্তান জন্ম হ'ব কিন্তু অৱশেষত ৯টা সন্তান জন্ম দিলে এগৰাকী মহিলাই...
বিৰল! Ultrasoundত গম পোৱা গৈছিল ৭টা সন্তান জন্ম হ'ব কিন্তু অৱশেষত ৯টা সন্তান জন্ম দিলে এগৰাকী মহিলাই...
পশ্চিম আফ্ৰিকাৰ দেশ মালিৰ চৰকাৰে দাবী কৰিছে যে তেওঁলোকৰ এগৰাকী মহিলা নাগৰিকে একেলগে ৯ টা সন্তান জন্ম দিছে। মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে মৰক্কোলৈ অনা হৈছে।
পশ্চিম আফ্ৰিকাৰ দেশ মালিৰ চৰকাৰে দাবী কৰিছে যে তেওঁলোকৰ এগৰাকী মহিলা নাগৰিকে একেলগে ৯ টা সন্তান জন্ম দিছে। মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে মৰক্কোলৈ অনা হৈছে।
পশ্চিম আফ্ৰিকাৰ দেশ মালিৰ চৰকাৰে দাবী কৰিছে যে তেওঁলোকৰ এগৰাকী মহিলা নাগৰিকে একেলগে ৯ টা সন্তান জন্ম দিছে। মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে মৰক্কোলৈ অনা হৈছে। অৱশ্যে, মৰক্কোৰ কৰ্তৃপক্ষই এতিয়াও এই কথা নিশ্চিত কৰা নাই। একেলগে ৯ টা সন্তানৰ জন্ম যথেষ্ট বিৰল বুলি গণ্য কৰা হয়। মহিলাগৰাকী এতিয়া ভাল অৱস্থাত আছে বুলি কোৱা হৈছে।
মালি চৰকাৰে উন্নত চিকিৎসাৰ বাবে ২৫ বছৰীয়া হালীমা চিছেক ৩০ মাৰ্চত মৰক্কোলৈ লৈ আহিছিল। প্ৰথমতে বিশ্বাস কৰা হৈছিল যে মহিলাগৰাকীয়ে ৭ টা সন্তান জন্ম দিব। একেলগে ৭ টা সন্তানৰ জন্মও বিৰল, কিন্তু ৯ টা শিশু একেলগে জন্ম হোৱাটো অতি বিৰল। ইফালে, মৰক্কোৰ কৰ্তৃপক্ষই এনে কোনো বিষয়ৰ বিষয়ে অৱগত হোৱাৰ কথা অস্বীকাৰ কৰিছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰাশিত কৌধাৰীয়ে কৈছিল যে দেশৰ কোনো চিকিৎসালয়ত এনে জন্মৰ বিষয়ে তেওঁৰ ওচৰত কোনো তথ্য নাই। মালিয়ান চৰকাৰৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে চিছে চিজাৰিয়ান চেক্সনৰ জৰিয়তে ৫ গৰাকী কন্যা সন্তান আৰু ৪ জন পুত্ৰ সন্তানৰ জন্ম দিছে। এএফপিৰ সৈতে বাৰ্তালাপ কৰি মালীৰ স্বাস্থ্য মন্ত্ৰী ফাণ্টা চিভিয়ে কয়, 'মাতৃ আৰু শিশুৰ অৱস্থা এতিয়াও ভাল।'
চিভিয়ে জনাইছে যে মহিলাগৰাকী কেইসপ্তাহমানৰ ভিতৰত ঘৰলৈ উভতি আহিব। স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে চিকিৎসকসকল চিছেৰ স্বাস্থ্যৰ লগতে শিশুৰ জীয়াই থকাৰ বিষয়ে চিন্তিত। মালীৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কৈছিল যে মালি আৰু মৰক্কো দুয়োটাতে আল্ট্ৰাচাউণ্ড পৰীক্ষাৰ পিছত ভবা হৈছিল যে চিছে ৭ টা সন্তান জন্ম দিবলৈ গৈ আছে।