আগতকৈ দহগুণ অধিক শক্তিৰে কোৰোণাৰ নতুন ৰূপ, মালয়েছিয়াৰ পৰা আহিল বেয়া খবৰ

News18 Assam | News18-Assam
Updated:August 17, 2020, 2:50 PM IST
আগতকৈ দহগুণ অধিক শক্তিৰে কোৰোণাৰ নতুন ৰূপ, মালয়েছিয়াৰ পৰা আহিল বেয়া খবৰ
কোৰোণা ভাইৰাছক লৈ সমগ্ৰ পৃথিৱীৰ বিজ্ঞানী গৱেষণাত ব্যস্ত থকাৰ সময়তে আহিল এই বেয়া তথ্য। 

কোৰোণা ভাইৰাছক লৈ সমগ্ৰ পৃথিৱীৰ বিজ্ঞানী গৱেষণাত ব্যস্ত থকাৰ সময়তে আহিল এই বেয়া তথ্য। 

  • Share this:
মালয়েছিয়াৰ স্বাস্থ্য বিভাগৰ ডিৰেক্টৰ জেনেৰেল নুৰ হিসান আব্দুল্লাহে এটা ফেচবুক পষ্টত জনাইছে, সম্প্ৰতি তেওঁলোকৰ দেশত কোৰোণা ভাইৰাছৰ এটা শক্তিশালী প্ৰ’টিন ষ্ট্ৰেইনৰ সন্ধান পোৱা গৈছে যি আগৰ ভাইৰাছৰ তুলনাত দহগুণ অধিক শক্তিশালী। ইয়াৰ নাম দিয়া হৈছে DG14G।

ভাৰতৰ পৰা ঘুৰি যোৱাৰ পিছত এখন ৰেষ্টুৰেণ্টৰ মালিক তথা এজন বাসিন্দাৰ শৰীৰত এই শক্তিশালী কোৰোণা ভাইৰাছৰ উদাহৰণ পোৱাৰ কথা জনাইছে প্ৰশাসনে। ইয়াৰ বাহিৰে ফিলিপিন্সৰ পৰা ঘুৰি অহা কোৰোণা আক্ৰান্তৰসকলৰ এটা ক্লাষ্টাৰৰ ক্ষেত্ৰতো এই শক্তিশালী ভাইৰাছৰ সন্ধান পোৱা গৈছে।

মালয়েছিয়াৰ স্বাস্থ্য বিভাগৰ ডিৰেক্টৰ জেনেৰেল নুৰ হিসান আব্দুল্লাহে লগতে আৰু জনাইছে যে, এই শক্তি বৃদ্ধি বা মিউটেশ্যনৰ ফলত কোৰোণা আৰু অপ্ৰতিৰোধ্য হৈ উঠিছে। যাৰ ফলত বৰ্তমান ভেকচিনৰ পৰা আৰম্ভ কৰি বহুতো দিশ কাম নাহিবও পাৰে।

তেওঁ জনায়, এই কাৰণতে, দেশৰ মানুহেে অনেক বেছিকৈ স্বাস্থ্যবিধি মানি চলিব লাগিব। কাৰণ, কেৱল কোৰোণাৰ শক্তি বৃদ্ধি হৈছে, এনে নহয়, কোৰোণাৰ এই মিউটেশ্যনৰ ফলত সংক্ৰমণৰ ক্ষমতা অনেক গুণে বাঢ়ি যাব পাৰে।

উল্লেখ্য যে, জানুৱাৰীত চীনৰ ইউহান প্রদেশৰ পৰা যেতিয়া কোৰোণাৰ সংক্ৰমণ হৈছিল তেতিয়াৰ পৰা কোৰোণাই বাৰে বাৰে ৰূপ সলাইছে। এটাৰ পিছত আন এটা মিউটেশ্যনৰ ফলত ভেকচিন তৈয়াৰ কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। সময় লাগিছে, কিন্তু ভেকচিনে বা কাম দিয়ে নে নিদিয়ে সেয়াহে স্পষ্ট হোৱা নাই।
First published: August 17, 2020, 2:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading