உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিলে মালালা ইউছুফজায়ে, স্বামীৰ সৈতে প্ৰকাশ কৰিলে আনন্দ

    অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিলে মালালা ইউছুফজায়ে, স্বামীৰ সৈতে প্ৰকাশ কৰিলে আনন্দ

    মালালা আৰু তেওঁৰ স্বামীৰ উপৰি এই আনন্দৰ মুহূৰ্তৰ কেতবোৰ ফটো পিতৃ জিয়াউদ্দিন ইউছুফজায়েও শ্বেয়াৰ কৰিছে।

    মালালা আৰু তেওঁৰ স্বামীৰ উপৰি এই আনন্দৰ মুহূৰ্তৰ কেতবোৰ ফটো পিতৃ জিয়াউদ্দিন ইউছুফজায়েও শ্বেয়াৰ কৰিছে।

    মালালা আৰু তেওঁৰ স্বামীৰ উপৰি এই আনন্দৰ মুহূৰ্তৰ কেতবোৰ ফটো পিতৃ জিয়াউদ্দিন ইউছুফজায়েও শ্বেয়াৰ কৰিছে।

    • Share this:


    শান্তিৰ নবেল পুৰস্কাৰ বিজেতা মালালা ইউছুফজাই শেহতীয়াকৈ বিবাহপাশত আবদ্ধ হৈছিল। তাৰ পিছতে আন এক আনন্দৰ কৃতিত্ব অৰ্জন কৰিলে মালালাই। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা (Oxford University) স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিলে মালালাই। গ্ৰেজুৱেট হোৱাৰ কিছু ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছে মালালাই।

    মালালাই অক্সফ’ৰ্ডৰ পৰা দৰ্শন, ৰাজনীতি আৰু অৰ্থশাস্ত্ৰত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে। এই আনন্দৰ মুহূৰ্তৰ কিছু ফটো শ্বেয়াৰ কৰি লিখিছে যে কোৰোণা মহামাৰীৰ বাবে ডিগ্ৰী পোৱাত কিছু পলম হ’ল। মালালাৰ স্বামীয়েও তেওঁৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

    মালালা আৰু তেওঁৰ স্বামীৰ উপৰি এই আনন্দৰ মুহূৰ্তৰ কেতবোৰ ফটো পিতৃ জিয়াউদ্দিন ইউছুফজায়েও শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে যে এয়া খুব আনন্দৰ ক্ষণ। মালালাই এতিয়া আনুষ্ঠানিকভাৱে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।

    মালালাই ডিগ্ৰী গ্ৰহণ কৰা কাৰ্যসূচীত উপস্থিত থাকে স্বামী অছৰ মালিকো। মালালাই মালিকৰ সৈতে ফটো শ্বেয়াৰ কৰিছে। অছৰ আৰু মালালাই কিছুদিন পূৰ্বে ইংলেণ্ডৰ বাৰ্মিংহামত বিবাহপাশত আবদ্ধ হৈছিল।

    Published by:Sanjay Kumar Das
    First published: