শান্তিৰ নোবেল বঁটা বিজয়ী মালালা ইউছুফজাই বিশ্বৰ নেতাসকলক আফগানিস্তানত নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে জৰুৰী পদক্ষেপ ল'বলৈ আহ্বান জনাইছে। তেওঁ আফগানিস্তানৰ মহিলাসকলৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি এই আহ্বান জনায়। পাকিস্তানৰ নাৰী শিক্ষা আন্দোলনৰ বাবে মূলতঃ কাম কৰা মালালাই কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰো বহুত কৰিব লগা আছে। আফগানিস্তানৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে "শক্তিশালী পদক্ষেপ" ল'ব লাগিব তেওঁ।
মালালাই আফগানিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংবাদ প্ৰতিষ্ঠান বিবিচিৰ সৈতে কথা পাতে। মালালাই দেশখনত মানৱীয় সংকট স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰিছে। তেওঁ কয় যে আফগান মহিলাক সহায় আৰু সহযোগিতাৰ প্ৰয়োজন।
মালালাই লগতে উল্লেখ কৰে যে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানলৈ পত্ৰ লিখি আফগান শৰণাৰ্থীসকলক আশ্ৰয় দিবলৈ, তেওঁলোকৰ সন্তানক শিক্ষা প্ৰদান কৰিবলৈ আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য, পাকিস্তানৰ স্বাত উপত্যকাত জন্মগ্ৰহণ কৰা মালালাক ২০১২ চনত স্থানীয় তালিবানৰ প্ৰতিৰোধ সত্ত্বেও নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰাৰ বাবে তালিবানে গুলীয়াইছিল। সেই সময়ত তেওঁক চিকিৎসাৰ বাবে ইউ কেলৈ লৈ যোৱা হৈছিল। তেতিয়াৰ পৰা তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে ইউ কেত বাস কৰি আছে। মালালাই ২০১৪ চনত আটাইতকৈ কনিষ্ঠ ব্যক্তিৰূপে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|