• Home
  • »
  • News
  • »
  • world
  • »
  • US Mission in Afghanistan: আমেৰিকা যুক্তৰাষ্ট্ৰই অভিযান সামৰিলে আফগানিস্তানত ! মেজৰ জেনেৰেল ক্ৰিছ ডনহু কাবুল এৰি যোৱা অন্তিমজন আমেৰিকাৰ সৈনিক...

US Mission in Afghanistan: আমেৰিকা যুক্তৰাষ্ট্ৰই অভিযান সামৰিলে আফগানিস্তানত ! মেজৰ জেনেৰেল ক্ৰিছ ডনহু কাবুল এৰি যোৱা অন্তিমজন আমেৰিকাৰ সৈনিক...

Photo-Twitter/DeptofDefense

Photo-Twitter/DeptofDefense

মেজৰ জেনেৰেল ক্ৰিছ ডনহু (Major General Chris Donahue), ৮২ তম এয়াৰবৰ্ণ ডিভিজনৰ কমাণ্ডাৰ, কাবুল এৰি যোৱা অন্তিমজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিক।

  • Share this:
মেজৰ জেনেৰেল ক্ৰিছ ডনহু (Major General Chris Donahue), ৮২ তম এয়াৰবৰ্ণ ডিভিজনৰ কমাণ্ডাৰ, কাবুল এৰি যোৱা অন্তিমজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিক। কাবুল বিমানবন্দৰত থকা বিমানত তেওঁ যোৱাৰ পিছত আফগানিস্তানৰ পৰা আমেৰিকাৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা বুলি কোৱা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডে প্ৰকাশ কৰা শেহতীয়া এখন ফটোত, কমাণ্ডাৰ ডনহুৱে বিমানখনত উঠি থকা দেখা গৈছে। বিমানখন আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ৰছ উইলছনো উপস্থিত আছিল। ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে আফগানিস্তানত আৰম্ভ হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযানৰ সমাপ্তি ঘটিছে।

কমাণ্ডাৰ ডনহু বিমানৰ ফালে আগবাঢ়ি যোৱাৰ সময়ত হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ তেওঁৰ পিছফালে দেখা গৈছিল। ১৫ আগষ্টৰ পৰা ৰাজধানী কাবুলৰ এই বিমানবন্দৰৰ বাহিৰত অস্থিৰতা আছিল। তালিবানে প্ৰথমে কাবুল দখল কৰাৰ পিছত আফগানসকলৰ প্ৰস্থান আৰম্ভ হৈছিল। ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৩১ আগষ্ট নিৰ্ধাৰণ কৰিছিল।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি