শ্ৰীলংকা (Sri Lankan)ৰ চলিত অৰ্থনৈতিক সংকট আৰু তাকে লৈ দেশখনত অব্যাহত থকা যুদ্ধসদৃশ পৰিবেশৰ মাজতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে (Mahinda Rajapaksa) সোমবাৰে পদত্যাগ কৰিছে। তেওঁৰ মুখপাত্ৰই এই কথা সদৰী কৰে। ৰাজাপাক্ষেৰ সমৰ্থক আৰু চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ অলপ পিছতে শাসকীয় দলৰ এজন সাংসদ নিহত আৰু ৭৮ জন লোক আহত হোৱাৰ অলপ পিছতে পদত্যাগ কৰে ৰাজাপাক্ষেই। তেওঁৰ পদত্যাগ আহিছে।
৭৬ বছৰীয়া প্ৰধানমন্ত্ৰীজনে তেওঁৰ সৰু ভাতৃ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে (President Gotabaya Rajapaksa)লৈ পদত্যাগপত্ৰ প্ৰেৰণ কৰি "নতুন একতা চৰকাৰ"ৰ পথ মুকলি কৰে, মুখপাত্ৰ ৰোহন ৱেলিৱিতাই এইদৰে কয়। যোৱা দুমাহ ধৰি কলম্বো (Colombo)ৰ গালে ফেচত চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক বৰ্তমানৰ সংকটত তেওঁৰ ভূমিকাৰ বাবে পদত্যাগৰ বাবে দাবী জনাই আছিল।
এই পদত্যাগত সকলো আচৰিত হৈছে কিয়নো সোমবাৰে পুৱা মহিন্দা ৰাজপাক্ষেই ব্যক্ত কৰিছিল যে প্ৰতিবাদ চলি থাকিলেও তেওঁ তেওঁৰ ভূমিকাত বাহাল থাকিব। তেওঁৰ পদত্যাগৰ অৰ্থ হৈছে কেবিনেট ভংগ।
ইপিনে প্ৰতিবাদৰ মাজতে শ্ৰীলংকাৰ শাসকীয় দলৰ আমাৰাকীৰ্তি আথুকোৰালা নামৰ এজন সাংসদৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নিত্তম্বুৱাত আথুকোৰালাৰ গাড়ী অৱৰোধ কৰি থকা দুজন লোকক গুলীচালনা কৰি গুৰুতৰভাৱে আহত কৰাৰ পিছত সাসংসদজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইতিমধ্যে কৰ্তৃপক্ষই দেশজুৰি কাৰফিউ জাৰি কৰা হৈছে আৰু ৰাজধানী কলম্বোত সৈন্য মোতায়েন কৰা হৈছে। ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ কাৰ্যালয়ৰ বাহিৰতো প্ৰতিবাদ-সংঘৰ্ষ এব্যাহত আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|