আইচিচি ক্ৰিকেট ৱৰ্ল্ডকাপ শেষ হ’ল। ইংলেণ্ডে প্ৰথমবাৰ বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিলে। ইংলেণ্ড–নিউজীলেণ্ডৰ ৰোমাঞ্চকৰ ফাইনেলো সকলোৱে মনত ৰাখিলে। ইয়াৰ মাজতে ভাৰতীয় ফেন সকলক আমনি কৰি থাকিলে বিশ্বকাপত ভাগ্যই সহায় নকৰাৰ প্ৰসংগই। ভাৰতীয় দলৰ বাবে বিশ্বকাপৰ অভিজ্ঞতা সুখকৰ নহ’ল। ইয়াৰ পিছতে মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ লোৱাৰ খবৰো যথেষ্ট চৰ্চাত আহিছিল।
ৱৰ্ল্ড কাপ ২০১৯ৰ ছেমিফাইনেলৰ পৰাজয়ৰ বেদনা মহেন্দ্ৰ সিং ধোনীৰ মুখমণ্ডলত সকলোৱে স্পষ্টৰূপত দেখা পাইছিল, কিন্তু বহুত কম মানুহেই চাগে দেখা পাইছিল যে টীম ইণ্ডিয়াৰ এই দিগ্গজ বেটছমেনজনে এই টুৰ্ণামেণ্টত কিমান শাৰিৰীক বেদনা সহ্য কৰিবলগীয়া হৈছিল। আনকি ছেমিফাইনেলত যিটো বলত তেওঁ আউট হৈছিল সেই শ্বট খেলাৰ সময়তো তেওঁৰ বেদনা চকুত পৰিছিল বহুতৰে।
![]()
বিশ্ব কাপৰ পূৰ্বে আইপিএলতো বিষত জৰ্জৰ হৈছিল ধোনী।
দৰাচলতে ৱৰ্ল্ড কাপত ভাৰতীয় দলে ইংলেণ্ডৰ বিৰুদ্ধে বাৰ্মিংহামৰ এজবেষ্টনত খেলা মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই মেচত লাহে ধীৰে বেটিং কৰাৰ বাবে ধোনীক যথেষ্ট সমালোচনা কৰা হৈছিল। ধোনীয়ে এই মেচত ৩১টা বলত ৪২ৰাণ কৰিছিল যদিও জয়ৰ কাৰণে শেষৰ ৫অভাৰত প্ৰয়োজন হোৱা ৭৮ৰাণৰ বিশাল লক্ষ্য অতিক্ৰম কৰাৰ যেন দৃঢ়তা ধোনীৰ মাজত নাছিল! ইয়াৰ পিছত এখন ফটো ভাইৰেল হৈছিল য’ত ধোনীৰ বুঢ়া আঙুলিটো আঘাতপ্ৰাপ্ত আছিল। ইয়াৰ পৰা অহৰহ তেজ ওলাই আছিল। আঙুলিৰ পৰা তেজ চুহি থুৱাই থকা ধোনীৰ ফটোক লৈ যথেষ্ট চৰ্চা হৈছিল। বুঢ়া আঙুলিৰ বিষ লৈয়ে ধোনীয়ে খেলিলে। ইয়াৰ লগতে তেওঁ পিঠিৰ সমস্যাত আগৰে পৰা যুঁজি আছিল।
বুঢ়া আঙুলিৰ পৰা বিৰিঙিছিল তেজইংলেণ্ডৰ বিৰুদ্ধে খেলা খেলত মহেন্দ্ৰ সিং ধোনীৰ বুঢ়া আঙুলিৰ পৰা তেজ ওলাই আছিল। ইয়াৰ পিছতো তেওঁ খেলপথাৰত টীম ইণ্ডিয়াক জয়ী কৰোৱাবলৈ অটল হৈ আছিল। অৱশ্যে তেওঁৰ এই সমস্যা তেতিয়া বেছি হোৱা যেন লাগিল যেতিয়া তেওঁ কেইবাবাৰো উইকেটৰ পিছফালে বল ধৰাত অসুবিধাৰ সন্মুখীন হৈছিল।
পিঠিত আগৰে পৰা আছিল বিষএমএছ ধোনীয়ে ৩মাহ একেৰাহে ক্ৰিকেট খেলিছিল। প্ৰথম তেওঁ আইপিএলত চেন্নাই ছুপাৰ কিংছৰ সৈতে আছিল। এই সময়ছোৱাতে তেওঁ পিঠিৰ বিষত আক্ৰান্ত হয়। ইয়াৰ বাবেই তেওঁ আইপিএলৰ কেইখনমান খেল খেলিব পৰা নাছিল। ধোনীয়ে চানৰাইজাৰ্ছ হায়দৰাবাদ আৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মেচ নেখেলাৰ সিদ্ধান্ত লয়। আইপিএলৰ ইতিহাসত মাত্ৰ চাৰিবাৰহে ধোনীয়ে চেন্নাইৰ বিৰুদ্ধে খেল নেখেলাকৈ থাকে।
আঙুলিৰ নখ ক’লা পৰি গৈছিলটীম ইণ্ডিয়া ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হৈ যোৱাৰ পিছত ভাইৰেল হোৱা ধোনীৰ ছবিত দেখা যায় তেওঁৰ নখত তেজ জমা হোৱাৰ বাবে ক’লা পৰি গৈছিল। এই আঙুলিত তেওঁ বেণ্ডেজ বান্ধি থোৱা দেখা যায়।
বাওঁ হাতেৰে কৰিলে হেণ্ডশ্বেকছেমিফাইনেলত ধোনীৰ আঙুলিত হৈ থকা বিষৰ আন্দাজ আপুনি কেৱল এটা কথাৰ পৰা লগাব পাৰে যে মেচ শেষ হোৱাৰ পিছত যেতিয়া টীম ইণ্ডিয়াই নিউজীলেণ্ডৰ খেলুৱৈৰ সৈতে মিলিত হৈছিল তেতিয়া ধোনীয়ে বাওঁ হাতেৰেহে তেওঁলোকৰ সৈতে হেণ্ডশ্বেক কৰিব পাৰিছিল।
ভৱিষ্যত পৰিকল্পনাক বৈ লৈ বজাৰত গৰম চৰ্চামহেন্দ্ৰ সিং ধোনীয়ে সন্যাস লোৱাৰ খবৰে বজাৰ গৰম কৰি ৰাখিছে। অৱশ্যে এতিয়া নতুন খবৰ এয়া যে অহা বছৰ তেওঁ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি–২০ ৱৰ্ল্ড কাপলৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি থাকিব। ইয়াৰ পূ্ৰ্বে কোৱা হৈছিল যে ধোনীয়ে বিশ্বকাপ শেষ হোৱাৰ পিছতে সন্যাস গ্ৰহণ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|