• Home
  • »
  • News
  • »
  • world
  • »
  • খালীস্তানী পতাকাৰে ঢাকিলে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি! কৃষি আইনৰ বিৰোধিতাৰ প্ৰভাৱ বিদেশতো

খালীস্তানী পতাকাৰে ঢাকিলে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি! কৃষি আইনৰ বিৰোধিতাৰ প্ৰভাৱ বিদেশতো

ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাসৰ বাহিৰত অৰ্থাৎ গান্ধী মেম’ৰিয়েল প্লাজাৰ বাহিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ মুখ ঢাকি দিয়ে খালিস্তানী পতাকাৰে।

ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাসৰ বাহিৰত অৰ্থাৎ গান্ধী মেম’ৰিয়েল প্লাজাৰ বাহিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ মুখ ঢাকি দিয়ে খালিস্তানী পতাকাৰে।

ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাসৰ বাহিৰত অৰ্থাৎ গান্ধী মেম’ৰিয়েল প্লাজাৰ বাহিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ মুখ ঢাকি দিয়ে খালিস্তানী পতাকাৰে।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ প্ৰতিবাদত ৰাজপথত নামিছে লাখ লাখ কৃষক। ২৭ ছেপ্টেম্বৰক কেন্দ্ৰই তিনিখন কৃষি বিধেয়কক আইনত পৰিণত কৰে। ইয়াৰ ভিতৰত আছে অত্যাৱশ্যকীয় পণ্য আইন, য’ত যুদ্ধকালীন পৰিস্থিতিক বাদ দি ব্যৱসায়ীসকলে সকলো সময়তে যিমান ইচ্ছা মজুত কৰিব পাৰিব আলু, দাইল বা আন শস্য। আছে কৃষি চুক্তি সেৱা আইন, য’ত কৃষিক মান্যতা দিলেও কৃষকে কিদৰে ন্যায্য মূল্য পাব সেয়া কোৱা হোৱা নাই। ইয়াৰ উপৰি আছে ব্যৱসায়ীৰ ওচৰত কৃষকসকলৰ ফচল বিক্ৰীৰ আইন। ফচল কিনিবলৈ যি ন্যূনতম সহায়ক মূল্য দিয়া হৈছিল ইমানদিনে, তাৰ কথা কোৱা হোৱা নাই এই নতুন আইনত। ফলত আইন ৰূপায়ণ হোৱাৰ পিছতে আৰম্ভ হয় প্ৰবল প্ৰতিবাদ।

আইনৰ বিৰোধিতাৰে দীৰ্ঘদিন ধৰি চলিছে বিক্ষোভ। ইতিমধ্যে কেন্দ্ৰ আৰু কৃষকৰ মাজত পাঁচখনকৈ বৈঠক অনুষ্ঠিত হৈছে যদিও সেয়া বিফল হৈছে। কৃষকসকলে আইন তিনিখন বাতিল কৰাত বাদে আন কথা শুনিব নিবিচাৰে। কৃষকৰ এই প্ৰতিবাদতক নৈতিক সমৰ্থন জনাইছে দেশৰ সৰ্বস্তৰৰ মানুহ আৰু বহু ৰাজনৈতিক মহলে। বিদেশৰ মাটিতো পৰিছে আন্দোলনৰ প্ৰভাৱ। আমেৰিকাৰ বিভিন্ন স্থানত প্ৰতিবাদক নৈতিক সমৰ্থন জনাই বিক্ষোভ প্ৰদৰ্শন কৰিছে প্ৰতিবাদকাৰীয়ে। কিন্তু প্ৰতিবাদৰ নামত ৱাশ্বিংটন ডিচিত যি ঘটনা ঘটিল সেয়া অত্যন্ত নিন্দনীয়।

১২ ডিচেম্বৰত কৃষি আইনৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে বিক্ষোভকাৰীসকলে। খালিস্তানী পতাকা লৈ দিছিল শ্লোগান। তাৰ মাজতে একাংশই ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাসৰ বাহিৰত অৰ্থাৎ গান্ধী মেম’ৰিয়েল প্লাজাৰ বাহিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ মুখ ঢাকি দিয়ে খালিস্তানী পতাকাৰে। ৱাশ্বিংটন ডিচি আৰক্ষী আৰু চিক্ৰেট ছাৰ্ভিচৰ বিষয়ায়ো এই ঘটনা প্ৰত্যক্ষ কৰে। আৰক্ষীয়ে জনাইছে, শিখ–আমেৰিকান বিক্ষোভকাৰীসকলে অঞ্চলটোত বিক্ষোভ প্ৰদৰ্শন কৰিছিল কৃষি আইনৰ বিৰুদ্ধে। তেওঁলোকৰ হাতত খালীস্তানী পতাকা আছিল। কিছু সময়ৰ পিছতে বিক্ষোভকাৰীসকলে গান্ধীৰ প্ৰতিমূৰ্তিৰ মুখমণ্ডলত ক’লা ৰং সানি দিয়ে। ইয়াৰ পিছত খালীস্তানী পতাকাৰে মুখ ঢাকি দিয়ে।

ভাৰতীয় দূতাবাসে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। দূতাবাসৰ বিষয়াসকলে জনাইছে, ‘‘ভাৰতীয় দূতাবাসে এই ঘটনাৰ তীব্ৰ গৰিহণা দিছে। যিয়ে এই ঘৃণনীয় কামত জড়িত আছে, তেওঁলোকৰ বিৰুদ্ধে আইনত ব্যৱস্থা লোৱা হ’ব।’’ আনহাতে, যেতিয়া এই ঘটনা সংঘটিত হৈছিল, তাৰ পিছতে অঞ্চলটোত আৰু অধিক প্ৰতিবাদকাৰী উপস্থিত হয়। তেওঁলোকে নৰেন্দ্ৰ মোদীৰ কাটআউট গান্ধী মূৰ্তিৰ ডিঙিত ওলমাই দিয়ে। এই ঘটনাৰ মাজতে চিক্ৰেট ছাৰ্ভিচৰ এই বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। ইয়াৰ পিছত লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। ৱাশ্বিংটন আৰক্ষীয়ে জনা, মূলত গ্ৰেটাৰ ৱাশ্বিংটন ডিচি, মেৰিলেণ্ড, ভাৰ্জিনিয়া, পেনছিলভেনিয়া, নিউয়ৰ্ক, নিউজাৰ্ছি, ইণ্ডিয়ানা, অহিঅ’, কেৰোলিনাৰ পৰা শিখ সম্প্ৰদায়ৰ পুৰুষ–মহিলাই এই বিক্ষোভত অংশগ্ৰহণ কৰিছিল।
Published by:Sanjay Kumar Das
First published: