জাতিৰ পিতাক চূড়ান্ত অপমান, সুৰাৰ বটলত মহাত্মা গান্ধীৰ ফটো

কেৰালাৰ মহাত্মা গান্ধী মেম’ৰিয়েল ফাউণ্ডেচনৰ অধ্যক্ষ এবিজে যোশে এই সন্দৰ্ভত আপত্তি দৰ্শাই সুৰাৰ বটল আৰু কেনৰ পৰা তৎকালীনভাৱে মহাত্মা গান্ধীৰ ফটো গুচাই দিয়াৰ দাবী জনায়।

Dulu Medhi | News18-Assam
Updated:June 30, 2019, 3:06 PM IST
জাতিৰ পিতাক চূড়ান্ত অপমান, সুৰাৰ বটলত মহাত্মা গান্ধীৰ ফটো
কেৰালাৰ মহাত্মা গান্ধী মেম’ৰিয়েল ফাউণ্ডেচনৰ অধ্যক্ষ এবিজে যোশে এই সন্দৰ্ভত আপত্তি দৰ্শাই সুৰাৰ বটল আৰু কেনৰ পৰা তৎকালীনভাৱে মহাত্মা গান্ধীৰ ফটো গুচাই দিয়াৰ দাবী জনায়।
Dulu Medhi | News18-Assam
Updated: June 30, 2019, 3:06 PM IST
ইজৰাইলৰ এটা সুৰা কোম্পানীয়ে জীৱনজুৰি সুৰাৰ বিৰোধিতা কৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো সম্বলিত কৰে সুৰাৰ বটলত। কোম্পানীৰ এই কৰ্মত আপত্তি দৰ্শাই ভাৰতে। কেৰালাৰ মহাত্মা গান্ধী মেম’ৰিয়েল ফাউণ্ডেচনৰ অধ্যক্ষ এবিজে যোশে এই সন্দৰ্ভত আপত্তি দৰ্শাই সুৰাৰ বটল আৰু কেনৰ পৰা তৎকালীনভাৱে মহাত্মা গান্ধীৰ ফটো গুচাই দিয়াৰ দাবী জনায়। যোশে এই সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটনয়াহু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰ প্ৰেৰণ কৰে।

অমিত ছিমনী নামৰ এজন লোকে ডিজাইন কৰিলে বটলসমূহ
ইজৰাইলৰ সুৰা কোম্পানী মাকা ব্ৰেবৰীয়ে সুৰাৰ বটলত মহাত্মা গান্ধীৰ ফটো সম্বলিত কৰে। ফটো সম্বলিত কৰা বটলসমূহ অমিত ছিমনী নামৰ এজন লোকে ডিজাইন কৰিছে। যোশে ক’লে যে সুৰাৰ বটল আৰু কেনত জাতিৰ পিতাৰ ফটো সম্বলিত কৰি মহাত্মা গান্ধীক হাঁহিয়াতৰ পাত্ৰ কৰিছে। অমিত ছিমনীৰ ৱেবছাইট ‘হিপষ্ট’ৰী ডট কম’টো মহাত্মা গান্ধীৰ টি–ছাৰ্ট, অভাৰকোট আৰু গগল্ছ পিন্ধা দেখা গৈছে।

অভিযোগকাৰীয়ে ক’লে এয়া লজ্জাজনক
যোশে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটনয়াহুক পত্ৰত দাবী কৰিছে যে সুৰাৰ বটল আৰু ৱেবছাইটৰ পৰা মহাত্মা গান্ধীৰ ফটো ততালিকে আতৰাব লাগে। লগতে বজাৰলৈ প্ৰেৰণ কৰা বটলসমূহো পুনৰ ঘূৰাই লৈ অহাৰ নিৰ্দেশ প্ৰদান কৰিছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি