পাকিস্তানৰ চৰমপন্থী গোট তেহৰিক-ই-লাবেকে মঙলবাৰে পাকিস্তানৰ (Pakistan) লাহোৰত থকা মহাৰাজা ৰঞ্জিত সিঙৰ প্ৰতিমূৰ্তি ভাঙি পেলায়। অৱশ্যে, পাকিস্তান আৰক্ষীয়ে এই কাৰ্যৰে জড়িত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে। অতি সুৰক্ষিত লাহোৰ ফৰ্ট কমপ্লেক্স অঞ্চলত মহাৰাজা ৰঞ্জিত সিঙৰ প্ৰতিমূৰ্তি (Maharaja Ranjit Singh statue) ভাঙি পেলোৱা এই কাৰ্য তৃতীয়বাৰৰ বাবে সংঘটিত হৈছে দেশখনত।
মহাৰাজাৰ ১৮০সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে জুন ২০১৯ত লাহোৰ দুৰ্গত ৯ ফুট ওখ প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছিল। ৰঞ্জিত সিং শিখ সাম্ৰাজ্যৰ প্ৰথম মহাৰাজা আছিল, যিয়ে প্ৰায় ৪০ বছৰ ধৰি পঞ্জাব শাসন কৰিছিল। ১৮৩৯ চনত তেওঁৰ মৃত্যু হয়। মূৰ্তিটোত মহাৰাজা ৰঞ্জিত সিঙে সম্পূৰ্ণৰূপে শিখ পোছাক পৰিধান কৰি ঘোঁৰাত বহি হাতত তৰোৱাল ধৰি থকা অৱস্থাত নিৰ্মাণ কৰা হৈছে।
প্ৰতিমূৰ্তি স্থাপনৰ দুমাহ পিছত প্ৰথম ক্ষতি কৰিছিল ইয়াৰ। আৰক্ষীয়ে জনোৱা অনুসৰি, আক্ৰমণকাৰীৰ মতে এখন মুছলমান দেশত এজন শিখ শাসকৰ প্ৰতিমূৰ্তি স্থাপন কৰাটো তেওঁলোকৰ ধৰ্মবিৰোধী। লাহোৰ দুৰ্গত মহাৰাজাৰ প্ৰতিমূৰ্তিটো ৱৰ্ল্ড চিটি অৱ লাহোৰ অথৰিটীয়ে ইউ কেত থকা শিখ হেৰিটেজ ফাউণ্ডেচনৰ সহযোগত স্থাপন কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।